ইজৰাইলৰ এক সিদ্ধান্তক লৈ শ’লঠেকত পৰিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ তৰফৰ পৰা কোৱা হৈছে, ‘ইজৰাইলে যদি এনে কাম কৰে আমি সমৰ্থন কৰিব নোৱাৰো।’ প্ৰকৃতপক্ষে ইজৰাইলে প্ৰতিশোধ ল’ব বিচাৰিছে ইৰানৰ ওপৰত। ইৰানৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিব বিচাৰিছে ইজৰাইলে। কিন্তু আমেৰিকাই এই ক্ষেত্ৰত বাধা দিছে ইজৰাইলক। আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIAৰ মতে ইজৰাইলে এই কাম কৰিলেই অস্থিৰ হ’ব মধ্য প্ৰাচ্য। এই আক্ৰমণত ইৰানৰ বহু নিৰিহ লোকৰ মৃত্যু হ’ব পাৰে। ফলত ইৰানে ইজৰাইলৰ ওপৰত কৰিব পাৰে ভয়ংকৰ আক্ৰমণ। পোনপটীয়াকৈ দুয়োখন দেশৰ মাজত আৰম্ভ হ’ব পাৰে তয়াময়া ৰণ। ইয়াৰ ফলত বিশ্বৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পৰিব। ইতিমধ্যে এই যুদ্ধৰ ফলত বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ মজিয়াতো বিশ্বৰ বিভিন্ন দেশে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত দিছে হেঁচা । লেবানন আৰু পেলেষ্টাইনত ইজৰাইলৰ আক্ৰমণত বহু হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। এনেক্ষেত্ৰত যুদ্ধ শেষ কৰাৰ বাবে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। মঙলবাৰে ইৰানৰ তৰফৰ পৰা ইজৰাইলৰ ওপৰত ২০০তকৈ অধিক বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ কৰা হৈছিল। হিজবুল্লাৰ মুৰব্বী হাছান নাছাৰাল্লাৰ মৃত্যুৰ প্ৰতিশোধ লৈছিল ইৰানে। এই আক্ৰমণৰ সঠিক প্ৰত্যুত্তৰ দিয়াৰ বাবে উদগ্ৰীৱ হৈ আছে ইজৰাইল।