চীনক প্ৰত্যুত্তৰ ভাৰতৰ
পৰৱৰ্তী দালাই লামা কোন হ’ব? এই সন্দৰ্ভত তিব্বতীসকলৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।ভাৰত আৰু চীনতো এই বিষয়ক লৈ তীব্ৰ বিতৰ্ক চলি আছে।
চীনে দালাই লামাৰ উত্তৰাধিকাৰ পৰিকল্পনাক এইটো কৈ নাকচ কৰি কয় যে ভৱিষ্যতৰ উত্তৰাধিকাৰীয়ে ইয়াৰ অনুমোদন ল’ব লাগিব।ইফালে ভাৰতেও স্পষ্ট কৰি দিলে যে পৰৱৰ্তী দালাই লামা নিৰ্বাচন কৰাৰ অধিকাৰ কাৰো নাই।
উত্তৰাধিকাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে স্পষ্ট ভাষাৰে কয় যে, পৰৱৰ্তী দালাই লামাৰ সিদ্ধান্ত কেৱল প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু দালাই লামাইহে গ্ৰহণ কৰিব।লগতে এই সিদ্ধান্তত আন কোনো লোক জড়িত নহ’ব বুলিও কয়।
চীনৰ সৈতে পুনৰ বৃদ্ধি পাব সংঘাত
ইয়াৰ পূৰ্বে বুধবাৰে তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই কৈছিল যে দালাই লামা অনুষ্ঠান চলি থাকিব আৰু প্ৰতিষ্ঠানটোৰ ভৱিষ্যত উত্তৰাধিকাৰীক স্বীকৃতি দিয়াৰ অধিকাৰ কেৱল গাডেন ফোদ্ৰাং ট্ৰাষ্টেহে পাব।
২০১৫ চনত দালাই লামাই গাডেন ফড্ৰাং ট্ৰাষ্ট স্থাপন কৰিছিল।অৱশ্যে দেওবাৰে দালাই লামাৰ ৯০ সংখ্যক জন্মদিনৰ পূৰ্বে তিব্বতী গুৰুজনে কৰা এই ঘোষণাই বেইজিঙৰ সৈতে উত্তেজনা বৃদ্ধি কৰিবলৈ গৈ আছে।
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে আজি দিল্লীত সাংবাদিকৰ আগত কয় যে দালাই লামা বৌদ্ধসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সংজ্ঞায়িত প্ৰতিষ্ঠান।
তেওঁ কয় যে, দলাই লামাৰ সকলো অনুগামীৰ মতামত যে উত্তৰাধিকাৰীৰ সিদ্ধান্ত প্ৰতিষ্ঠিত পৰম্পৰা আৰু দালাই লামাৰ ইচ্ছা অনুযায়ী হব লাগে। তেওঁলোকৰ আৰু বিদ্যমান পৰম্পৰাৰ বাহিৰে আন কাৰোৰে এই সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই”।
ইয়াৰ পূৰ্বে ৰঙাচীনে নোবেল বঁটা বিজয়ী দালাই লামাৰ উত্তৰাধিকাৰ পৰিকল্পনা নাকচ কৰিছিল। লগতে দেশখনে জোৰ দি এই কথাও কয় যে ভৱিষ্যতে যিকোনো উত্তৰাধিকাৰীয়ে ইয়াৰ অনুমোদন ল’ব লাগিব, ইয়াৰ পিছতহে ৰিজিজুয়ে এই মন্তব্য কৰিছে।
বৌদ্ধ ধৰ্ম অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু তেওঁৰ সহযোগী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অহা ৬ জুলাইত ধৰ্মশালাত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব কৰি তাত উপস্থিত থাকিব। তিব্বতীসকলৰ লগতে বৌদ্ধ ধৰ্মৰ নালন্দা পৰম্পৰা অনুসৰণ কৰা সকলোৰে বাবে ১৪ তম দালাই লামাৰ গুৰুত্ব সৰ্বোচ্চ।
দালাই লামাৰ উত্তৰাধিকাৰ পৰিকল্পনাক লৈ ক্ষুব্ধ হৈ আছে চীন।চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে তেওঁৰ ঘোষণা সন্দৰ্ভত কয়, “দালাই লামাৰ পুনৰজনম ধৰ্মীয় পৰম্পৰা আৰু আইন অনুসৰি ঘৰুৱা স্বীকৃতি, ‘স্বৰ্ণ কলাছ’ প্ৰক্ৰিয়া আৰু চৰকাৰৰ অনুমোদনৰ নীতি মানি চলিব লাগিব।”
কেতিয়া আহিছিল ভাৰতলৈ
১৯৫৯ চনত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক মাও জেতুঙৰ চীনা সেনাই তিব্বত দখল কৰাৰ সময়ত তেওঁলোকৰ ধৰ্মীয় নেতা দালাই লামাৰ সৈতে তিব্বতী জনসাধাৰণ ভাৰতলৈ আহিছিল।
এই দখলৰ পিছত বৃহৎ সংখ্যক তিব্বতী ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হয়।তেতিয়াৰ পৰাই দালাই লামাই ধৰ্মশালাত বসবাস কৰি আহিছে। অৱশ্যে তেওঁৰ উপস্থিতি চীন আৰু ভাৰতৰ মাজত বিতৰ্কৰ বিষয় হৈয়েই আছে।
লগতে পঢ়ক: ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী; গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ দুয়ো দেশৰ