আকৌ আহিব নেকি ছুনামি, ভূমিকম্প !
শেহতীয়াকৈ তামিলনাডুৰ মাছমৰীয়াৰ জালত এটা অতি বিৰল অ’ৰফিছ (Oarfish) ধৰা পৰে, যিয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে । ৰূপালী ৰঙৰ আৰু ফিতা সদৃশ এই মাছটো প্ৰায় ৩০ ফুট পৰ্যন্ত দীঘল হ’ব পাৰে । মাছটোৰ মূৰত এটা বিশেষ ৰঙা ফান থাকে । সাধাৰণতে এই মাছ সাগৰৰ গভীৰতাত পোৱা যায় । কিন্তু উপৰিভাগত ইয়াৰ আবিৰ্ভাৱে কৌতুহল আৰু চিন্তা দুয়োটাকে বৃদ্ধি কৰিছে, কিয়নো বহুতে ইয়াক প্ৰাকৃতিক দুৰ্যোগৰ চিন বুলি গণ্য কৰে ।
অ’ৰফিছ বা ৰিবনফিছক ডুমছডে ফিছ (Doomsday Fish) বুলিও কোৱা হয় । জাপান আৰু ফিলিপাইনছত এটা বিশ্বাস আছে যে এই মাছটো কোনো দুৰ্যোগৰ ওচৰ চাপিলেহে পানীৰ ওপৰলৈ আহে । এই মাছৰ আবিৰ্ভাৱ ভূমিকম্প বা ছুনামিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ লক্ষণ হ’ব পাৰে । জাপানী লোককথাত ইয়াক ‘ভূমিকম্পৰ আগজাননী’ বুলি কোৱা হয় । এই কাৰণেই অ’ৰফিছে ‘ফিচ অৱ ডুমছডে’ নাম লাভ কৰিছে ।
কিছুমান ঐতিহাসিক ঘটনাত এই মাছ আৰু বৃহৎ দুৰ্যোগৰ মাজত এক অদ্ভুত সংযোগ দেখা গৈছে । ২০১১ চনত যেতিয়া জাপানত এক বিধ্বংসী ভূমিকম্প আৰু ছুনামিয়ে তাণ্ডৱ সৃষ্টি কৰিছিল, তেতিয়া তাৰ পূৰ্বে কেইবা ডজনো অ’ৰফিছ সমুদ্ৰ তীৰত দেখা গৈছিল । ২০১৭ চনত ফিলিপাইনছত হোৱা ভূমিকম্পৰ পূৰ্বেও দুটা অ’ৰফিছ দেখা গৈছিল । একেদৰে মেক্সিকোত অ’ৰফিছ দেখাৰ পিছত এটা ডাঙৰ ভূমিকম্প সংঘটিত হৈছিল । এই ঘটনাবোৰে লোককথা তথা প্ৰচলিত বিশ্বাসক আৰু অধিক শক্তিশালী কৰি তুলিছে ।
কিন্তু বিজ্ঞানীসকলে এই ধাৰণাক সম্পূৰ্ণৰূপে নাকচ কৰিছে । ২০১৯ চনত ছিছম’লজিকেল ছ’চাইটি অৱ আমেৰিকাৰ বুলেটিনত প্ৰকাশিত এক অধ্যয়নত অ’ৰফিছৰ উপস্থিতি আৰু ভূমিকম্পৰ মাজত কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ পাইছিল ।
এক প্ৰতিবেদন অনুসৰি অ’ৰফিছ অসুস্থ হ’লেহে বা উষ্ণতা আৰু সোঁতৰ পৰিৱৰ্তনৰ বাবেহে পানীৰ ওপৰলৈ আহে । ২০১৮ চনৰ এক অধ্যয়নেও নিশ্চিত কৰিছে যে জলবায়ু পৰিঘটনাই গভীৰ পানীত বাস কৰা এই মাছবোৰক উপৰিভাগলৈ আনিব পাৰে । বিজ্ঞানী যোছিয়াকি অৰিহাৰাই কয় যে এতিয়ালৈকে অ’ৰফিছে ভূমিকম্পৰ বাৰ্তা দিয়াৰ কোনো প্ৰমাণ পোৱা নাই । শেহতীয়াকৈ তামিলনাডুত এই মাছটো দেখা পোৱাৰ পাছতে ছচিয়েল মিডিয়াত আৰম্ভ হৈছে এক বিতৰ্ক ।
লগতে পঢ়ক : আধৰুৱা হৈ ৰ’ল জাপানৰ চন্দ্ৰ মিছন; লেণ্ডিঙৰ সময়ত ধ্বংস হ’ল মুন লেণ্ডাৰ