ই-কমাৰ্চৰ বিশাল কোম্পানী আমাজনে এতিয়া ইণ্টাৰনেট চেটেলাইট খণ্ডতো প্ৰৱেশ কৰিছে । সোমবাৰে কোম্পানীটোৱে প্ৰথমটো ইন্টাৰনেট উপগ্ৰহ উৎক্ষেপণ কৰে । ইলন মাস্কৰ ষ্টাৰলিংকৰ পিছতে নক্ষত্ৰমণ্ডলৰ বজাৰত এয়া নতুন প্ৰৱেশ । বৰ্তমান এই ক্ষেত্ৰত ষ্টাৰলিংকে আধিপত্য বিস্তাৰ কৰিছে । ইউনাইটেড লঞ্চ এলায়েন্সৰ এটলাছ ভি ৰকেটে আমাজনৰ প্ৰজেক্ট কুইপাৰৰ ২৭টা উপগ্ৰহৰ সৈতে উৰা মাৰি কক্ষপথত স্থাপন কৰে । এই উপগ্ৰহসমূহ প্ৰায় ৬৩০ কিলোমিটাৰ উচ্চতাত উপনীত হ’ব ।
যোৱা বছৰ কৰিছিল পৰীক্ষণ-
ইয়াৰ পূৰ্বে ২০২৩ চনত আমাজনে পৰীক্ষাৰ বাবে দুটা উপগ্ৰহ উৎক্ষেপণ কৰিছিল । প্ৰকল্প বিষয়াসকলে কয় যে পৰীক্ষণৰ পিছত উপগ্ৰহসমূহত বৃহৎ পৰিৱৰ্তন কৰা হৈছে আৰু ইয়াৰ নতুন সংস্কৰণ প্ৰস্তুত কৰা হৈছে । নতুন উপগ্ৰহে যাতে মহাকাশচাৰীসকলক কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে তাৰ বাবে মিৰৰ ফিল্মেৰে আবৃত কৰা হৈছে । একে সময়তে বহু বিজ্ঞানীয়ে নক্ষত্ৰমণ্ডলত ইণ্টাৰনেট উপগ্ৰহৰ দৌৰক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ ফলত পৃথিৱীৰ নিম্ন কক্ষপথত উপগ্ৰহৰ অতিমাত্ৰা ভিৰ হ’ব বুলিও কৈছে । ইয়াৰ লগত উপগ্ৰহৰ সংঘৰ্ষৰ আশংকাও আছে ।
ইলন মাস্কৰ ষ্টাৰলিংকৰ সৈতে প্ৰতিযোগিতা-
জেফ বেজোছৰ ব্লু অৰিজিন নামৰ এটা ৰকেট কোম্পানীও আছে । বিশ্বৰ প্ৰতিটো কোণলৈ দ্ৰুতবেগী ইন্টাৰনেট প্ৰদানৰ বাবে ৩২০০ৰো অধিক ইণ্টাৰনেট উপগ্ৰহ উৎক্ষেপণ কৰাৰ মনস্থ কৰিছে আমাজনে । ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আমাজন । ইলন মাস্কৰ স্পেচএক্সে ২০১৯ চনৰ পৰা ৮ হাজাৰৰো অধিক ষ্টাৰলিংক উৎক্ষেপণ কৰিছে ।
দেওবাৰে নিশা কোম্পানীটোৱে ২৫০ সংখ্যক ষ্টাৰলিংক উৎক্ষেপণ কৰে । পৃথিৱীৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ উচ্চতাত এতিয়াও ৭০০০ৰো অধিক ষ্টাৰলিংক উপগ্ৰহ কক্ষপথত আছে । ইউৰোপীয় কোম্পানী ৱানৱেবৰ শ শ উপগ্ৰহ আৰু অধিক উচ্চ কক্ষপথত আছে । প্ৰজেক্ট কুইপাৰৰ বাবে ইউনাইটেড লঞ্চ এলায়েন্স আৰু ব্লু অৰিজিনৰ পৰা ডজন ডজন ৰকেট ক্ৰয় কৰিছে আমাজনে ।