দুখনকৈ জিলাত সম্পূৰ্ণৰূপে বন্ধ ইন্টাৰনেট সেৱা, প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

হিংসাত্মক সংঘাতৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে মোবাইল ইন্টাৰনেট আৰু ডাটা সেৱা বন্ধ কৰিছে

ভাৰত-ভূটান সীমান্তত চলি থকা এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক সংঘাতৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে চিৰাং আৰু কোকৰাঝাৰ জিলাত মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা বন্ধ কৰিছে ।

অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, ১৬ এপ্ৰিলত ৰুণীখাতাত উচ্ছেদ অভিযানৰ সময়ত বন বিভাগে ২৫ জন আদিবাসী লোকক আটক কৰাৰ পিছত চিৰাং জিলাত অশান্তিৰ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছিল । ইয়াৰ পিছতে প্ৰতিবাদকাৰী আৰু বনকৰ্মীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয় । প্ৰতিবাদকাৰীয়ে চৰকাৰী বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৰেঞ্জ অফিচাৰৰ কাৰ্যালয়টো জ্বলাই দিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে । লগতে গুলীচালনাৰ ঘটনা আৰু তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বুলিও খবৰ প্ৰকাশ পাইছে ।

এই পৰিস্থিতি চুবুৰীয়া কোকৰাঝাৰ জিলাৰ দৰে সমীপৱৰ্তী অঞ্চললৈও বিয়পি পৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই উদ্বেগ প্ৰকাশ কৰিছে, যিয়ে জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে । জাননীখনত উল্লেখ কৰা হৈছে যে হোৱাটছএপ, ফেচবুক, এক্স, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অপপ্ৰচাৰ আৰু উত্তেজক বিষয়বস্তু বিয়পি পৰাৰ আশংকা আছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব পাৰে ।

ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ আৰু টেলিকম সেৱাৰ সাময়িক নিলম্বন নিয়ম, ২০১৭ ৰ ব্যৱস্থাৱলী প্ৰয়োগ কৰি চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আক্ৰান্ত জিলাকেইখনত তাৎক্ষণিকভাৱে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

অৱশ্যে ভইচ কল আৰু ফিক্সড লাইন কানেকচনৰ জৰিয়তে ব্ৰডবেণ্ড সেৱা কাৰ্যকৰী হৈ থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননীত সতৰ্ক কৰি দিয়া হৈছে ।

লগতে পঢ়ক : পৱন খেৰাই আত্মসমৰ্পণ কৰা উচিত: জামিন আবেদন খাৰিজৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

চৰকাৰৰ নতুন সতৰ্কবাণী; ফোনত কথা পাতি থকাৰ সময়ত বন্ধ কৰি ৰাখক  ইণ্টাৰনেট

ফোনত কথা পতাৰ সময়ত বন্ধ ৰাখক  ইণ্টাৰনেট

ফোনত কথা পাতি থকাৰ সময়ত আপুনিও ইন্টাৰনেট অন কৰি ৰাখে নেকি?  যদি হয় তেনেহলে চৰকাৰে আপোনাৰ কাৰনে সতৰ্কবাণী জাৰি কৰিছে।

চৰকাৰী সংস্থা ইণ্ডিয়ান চাইবাৰক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰে দেশৰ কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰিছে।

গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা সংস্থাটোৱে জানিবলৈ দিয়ে যে বৰ্তমান সময়ত চাইবাৰ অপৰাধীয়ে কলৰ সময়ত ইণ্টাৰনেট অন কৰি ৰখা ব্যৱহাৰকাৰীক লক্ষ্য কৰি লৈছে।I4C ৰ দ্বাৰা এটা ভিডিঅ’ জাৰি কৰিছে, য’ত ইয়াৰ পৰা হ’বলগীয়া বিপদৰ বিষয়ে সকীয়াই দিছে।

I4C ৰ এই ভিডিঅ’টোত ব্যৱহাৰকাৰীসকলক সকীয়াই দিয়া হৈছে যে যদি কলৰ সময়ত ইণ্টাৰনেট অন থাকে, তেন্তে চাইবাৰ অপৰাধীয়ে আপোনাৰ মাইক্ৰ’ফোনত প্ৰৱেশ কৰিব পাৰে আৰু আপোনাৰ কথা-বতৰা শুনিব পাৰে।

তেওঁলোকে আপোনাৰ ডিভাইচত মাইক্ৰ’ফোনৰ অনুমতি দিয়া এপসমূহক Google Chrome ৰ জৰিয়তে নেভিগেট কৰে। ইয়াৰ পিছত তেওঁলোকে আপোনাৰ মোবাইলত পতা কথা-বতৰা শুনিবলৈ কাম আৰম্ভ কৰে।

ইয়াৰ সুবিধা লৈ হেকাৰে আপোনাৰ ফোনত কলৰ জৰিয়তে অ’টিপি প্ৰেৰণ কৰিও ডাঙৰ জালিয়াতি কৰিব পাৰে।
চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰইও ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ভিডিঅ’ত তাৰ ব্যাখ্যা কৰিছে।ভিডিঅ’টোত দিয়া তথ্য অনুসৰি

#ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে প্ৰথমে নিজৰ ফোনত গুগল ক্ৰ’ম এপলৈ যাব লাগিব।

#তাৰ পিছত কাষত তিনিটা বিন্দু দিয়া মেনুত টেপ কৰিব লাগিব।

#ইয়াত, ছেটিংছলৈ যাওক, তললৈ স্ক্ৰল কৰক আৰু চাইট ছেটিংছলৈ যাওক।

#তাৰ পিছত ইয়াত কোনবোৰ এপক মাইক্ৰ’ফোনৰ অনুমতি দিয়া হৈছে চাব পাৰিব।

#সেই এপবোৰৰ পৰা এটা এটাকৈ মাইক্ৰ’ফোনৰ অনুমতি আঁতৰাব পাৰিব।

লগতে পঢ়ক: ‘কয় এটা আৰু কৰে এটা…’; লণ্ডনত বহি ভাৰতক লৈ বিতৰ্কিত মন্তব্য মহম্মদ ইউনুছৰ

ইলন মাস্কৰ ষ্টাৰলিংকক প্ৰত্যাহ্বান জনাবলৈ সাজু আমাজন… উৎক্ষেপণ কৰিলে প্ৰথমটো ইন্টাৰনেট উপগ্ৰহ

ই-কমাৰ্চৰ বিশাল কোম্পানী আমাজনে এতিয়া ইণ্টাৰনেট চেটেলাইট খণ্ডতো প্ৰৱেশ কৰিছে । সোমবাৰে কোম্পানীটোৱে প্ৰথমটো ইন্টাৰনেট উপগ্ৰহ উৎক্ষেপণ কৰে । ইলন মাস্কৰ ষ্টাৰলিংকৰ পিছতে নক্ষত্ৰমণ্ডলৰ বজাৰত এয়া নতুন প্ৰৱেশ । বৰ্তমান এই ক্ষেত্ৰত ষ্টাৰলিংকে আধিপত্য বিস্তাৰ কৰিছে । ইউনাইটেড লঞ্চ এলায়েন্সৰ এটলাছ ভি ৰকেটে আমাজনৰ প্ৰজেক্ট কুইপাৰৰ ২৭টা উপগ্ৰহৰ সৈতে উৰা মাৰি কক্ষপথত স্থাপন কৰে । এই উপগ্ৰহসমূহ প্ৰায় ৬৩০ কিলোমিটাৰ উচ্চতাত উপনীত হ’ব ।

যোৱা বছৰ কৰিছিল পৰীক্ষণ-

ইয়াৰ পূৰ্বে ২০২৩ চনত আমাজনে পৰীক্ষাৰ বাবে দুটা উপগ্ৰহ উৎক্ষেপণ কৰিছিল । প্ৰকল্প বিষয়াসকলে কয় যে পৰীক্ষণৰ পিছত উপগ্ৰহসমূহত বৃহৎ পৰিৱৰ্তন কৰা হৈছে আৰু ইয়াৰ নতুন সংস্কৰণ প্ৰস্তুত কৰা হৈছে । নতুন উপগ্ৰহে যাতে মহাকাশচাৰীসকলক কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে তাৰ বাবে মিৰৰ ফিল্মেৰে আবৃত কৰা হৈছে । একে সময়তে বহু বিজ্ঞানীয়ে নক্ষত্ৰমণ্ডলত ইণ্টাৰনেট উপগ্ৰহৰ দৌৰক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ ফলত পৃথিৱীৰ নিম্ন কক্ষপথত উপগ্ৰহৰ অতিমাত্ৰা ভিৰ হ’ব বুলিও কৈছে । ইয়াৰ লগত উপগ্ৰহৰ সংঘৰ্ষৰ আশংকাও আছে ।

ইলন মাস্কৰ ষ্টাৰলিংকৰ সৈতে প্ৰতিযোগিতা-

জেফ বেজোছৰ ব্লু অৰিজিন নামৰ এটা ৰকেট কোম্পানীও আছে । বিশ্বৰ প্ৰতিটো কোণলৈ দ্ৰুতবেগী ইন্টাৰনেট প্ৰদানৰ বাবে ৩২০০ৰো অধিক ইণ্টাৰনেট উপগ্ৰহ উৎক্ষেপণ কৰাৰ মনস্থ কৰিছে আমাজনে । ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আমাজন । ইলন মাস্কৰ স্পেচএক্সে ২০১৯ চনৰ পৰা ৮ হাজাৰৰো অধিক ষ্টাৰলিংক উৎক্ষেপণ কৰিছে ।

দেওবাৰে নিশা কোম্পানীটোৱে ২৫০ সংখ্যক ষ্টাৰলিংক উৎক্ষেপণ কৰে । পৃথিৱীৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ উচ্চতাত এতিয়াও ৭০০০ৰো অধিক ষ্টাৰলিংক উপগ্ৰহ কক্ষপথত আছে । ইউৰোপীয় কোম্পানী ৱানৱেবৰ শ শ উপগ্ৰহ আৰু অধিক উচ্চ কক্ষপথত আছে । প্ৰজেক্ট কুইপাৰৰ বাবে ইউনাইটেড লঞ্চ এলায়েন্স আৰু ব্লু অৰিজিনৰ পৰা ডজন ডজন ৰকেট ক্ৰয় কৰিছে আমাজনে ।