চলিত বৰ্ষৰ আৰম্ভণিতে মহাৰাষ্ট্ৰ বন বিভাগৰ এটা দলে ৰত্নাগিৰিৰ গুহাগৰ সমুদ্ৰ তীৰত বাহ সাজি থকা এটা অকলশৰীয়া কাছ উদ্ধাৰ কৰে । ভালদৰে পৰীক্ষা কৰি তেওঁলোকে কাছৰ সন্মুখৰ দুয়োটা ফ্লিপাৰতে দুটা চিকচিকিয়া ধাতুৰ টেগ পাইছিল । এই অলিভ ৰিডলী কাছটোক ০৩২৩৩ বুলি চিনাক্ত কৰা হয় আৰু ইয়াৰ বিষয়ে এটা কাহিনী পোহৰলৈ আহে ।
৪৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা-
গৱেষকসকলে জানিব পাৰিছে যে কাছটোৱে প্ৰায় ৪৫০০ কিলোমিটাৰ দীঘলীয়া আৰু কঠিন যাত্ৰা কৰিছিল । ওড়িশাৰ গহিৰমাথাৰ পৰা আৰম্ভ কৰি পূব উপকূলৰ কাষেৰে নামি শ্ৰীলংকাৰ কাষেৰে ঘূৰি উত্তৰ দিশলৈ গৈ জাফনালৈ ঘূৰাৰ পাছত পুনৰ তিৰুৱনন্তপুৰমলৈ আৰু তাৰ পিছত পশ্চিম উপকূলৰ ওপৰেৰে ওপৰলৈ উঠি অৱশেষত ৰত্নগিৰিৰ উপকূলত উপস্থিত হয় ।
কাছৰ বাহ আৰু ১২৫ টা কণী-
গুৱাগৰৰ বগা বালিৰ সমুদ্ৰ তীৰত বাহ সাজি ১২৫টা কণী পাৰে কাছটোৱে, ইয়াৰে কমেও ১০৭টা কণী ফুটিছে । ফ্লিপাৰ টেগটোৰ নম্বৰ আছিল ০৩২৩৩ আৰু ২০২১ চনৰ ১৮ মাৰ্চত ওড়িশাৰ গহিৰমাথা সামুদ্ৰিক বন্যপ্ৰাণী অভয়াৰণ্যত ভাৰতীয় জুলজিকেল চাৰ্ভে অব্ ইণ্ডিয়াই(ZSI) ইয়াক টেগ কৰিছিল ।
প্ৰথমবাৰৰ বাবে ঘটিল এই ঘটনা-
সেই বছৰ ১২ হাজাৰ অলিভ ৰিডলী কাছৰ ভিতৰত এটা আছিল এই কাছটো, যাক ফ্লিপাৰত টেগ কৰা হৈছিল যাতে ইহঁতৰ প্ৰব্ৰজনৰ ধৰণ আৰু খাদ্য গ্ৰহণ কৰা ঠাই অনুসৰণ কৰাত সহায়ক হয় । ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সুৰেশ কুমাৰে কয় যে মই কেতিয়াও ভবা নাছিলো যে কাছ পূব উপকূলৰ পৰা পশ্চিম উপকূললৈ আহিব পাৰে । যদিও এইটো বিৰল পৰিঘটনা নহ’বও পাৰে, তথাপিও এইটো হয়তো প্ৰথম লিপিবদ্ধ দৃষ্টান্ত য’ত পূব উপকূলত টেগ কৰা কাছ এটা পশ্চিম উপকূলত পোৱা গৈছে । আমি নাজানিছিলো যে এই প্ৰজাতিটোত এনে প্ৰব্ৰজন সম্ভৱপৰ ।