দুটা শতিকাৰ জীৱন্ত ইতিহাস! ১৯৪ বছৰীয়া ‘জোনাথান’ক বিশেষ সন্মান গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ

আনুমানিক ১৯৪ বছৰ বয়সৰ জোনাথানক এতিয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁলোকৰ আটাইতকৈ প্ৰতিষ্ঠিত তথা সন্মানীয় স্বীকৃতিসমূহৰ অন্যতম Guinness World Records Icon-ৰ মৰ্যাদা প্ৰদান কৰিছে

কিবা জীৱ ১৯৪ বছৰলৈকে জীয়াই থাকিব পাৰেনে? শুনিবলৈ আচৰিত যেন লাগিব পাৰে, কিন্তু পৃথিৱীত এটা এনেকুৱা জীৱ আছে যিয়ে প্ৰায় দুটা শতিকাৰো অধিক কাল প্ৰত্যক্ষ কৰিছে । সমগ্ৰ বিশ্বতে চৰ্চিত এই বিশেষ কাছটোৰ নাম হৈছে জোনাথান । আনুমানিক ১৯৪ বছৰ বয়সৰ জোনাথানক এতিয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁলোকৰ আটাইতকৈ প্ৰতিষ্ঠিত তথা সন্মানীয় স্বীকৃতিসমূহৰ অন্যতম ‘Guinness World Records Icon’-ৰ মৰ্যাদা প্ৰদান কৰিছে ।

১৮৮২ চনৰ পৰাই চেইণ্ট হেলেনাত বাস জোনাথানৰ

জোনাথান হৈছে ‘ছেচেলছ জায়েণ্ট টৰটয়জ’ প্ৰজাতিৰ এটা বিৰল কাছ । সি বৰ্তমান দক্ষিণ আটলাণ্টিক মহাসাগৰত অৱস্থিত চেইণ্ট হেলেনা দ্বীপৰ গৱৰ্নৰ হাউচৰ বাগিচাত বাস কৰে । গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ তথ্য অনুসৰি, তাক ১৮৮২ চনত ছেচেলছ দ্বীপপুঞ্জৰ পৰা চেইণ্ট হেলেনালৈ অনা হৈছিল । আচৰিত কথাটো হ’ল, যেতিয়া তাক এই দ্বীপটোলৈ অনা হৈছিল, তেতিয়াই তাৰ বয়স অতি কমেও ৫০ বছৰ আছিল । এই ঐতিহাসিক ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিজ্ঞানী আৰু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে জোনাথানৰ জন্ম ১৮৩২ চনত বা তাৰো আগতে হৈছিল ।

আধুনিক ইতিহাসৰ এক জীৱন্ত সাক্ষী

যেতিয়া জোনাথানে এই পৃথিৱীত চকু মেলিছিল, তেতিয়া ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন চলি আছিল । পৃথিৱীত তেতিয়া কোনো মটৰ গাড়ীৰ প্ৰচলন হোৱা নাছিল, উৰাজাহাজ বা ইণ্টাৰনেটৰ দৰে আধুনিক প্ৰযুক্তিৰ কোনো অস্তিত্বই নাছিল । নিজৰ এই সুদীৰ্ঘ জীৱনকালত সি পৃথিৱীৰ ঔদ্যোগিক বিপ্লৱৰ যুগ, দুখনকৈ ভয়ংকৰ বিশ্বযুদ্ধ, মানুহৰ চন্দ্ৰত ঐতিহাসিক খোজ আৰু তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ প্ৰত্যক্ষ কৰিছে । এইকাৰণেই জোনাথানক কেৱল এটা সাধাৰণ কাছ বুলিয়েই নহয়, বৰঞ্চ মানৱ ইতিহাসৰ এক চলন্ত সাক্ষী বুলি গণ্য কৰা হয় ।

দৃষ্টিশক্তিহীন অৱস্থাতো উপভোগ কৰিছে জীৱন

অৱশ্যে অতিৰিক্ত বয়সৰ প্ৰভাৱ জোনাথানৰ শৰীৰৰ ওপৰতো পৰিছে । বাৰ্ধক্যৰ বাবে তাৰ চকুৰ দৃষ্টিশক্তি প্ৰায় হেৰাই গৈছে আৰু গোন্ধ পোৱাৰ ক্ষমতাও বহুখিনি হ্ৰাস পাইছে । কিন্তু তাৰ যত্ন লোৱা পশু চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মতে, সি আজিও শাৰীৰিকভাৱে যথেষ্ট সক্ৰিয় । সি আজিও নিয়মীয়াকৈ তাৰ প্ৰিয় ফল-মূল আৰু শাক-পাচলিৰ আহাৰ গ্ৰহণ কৰে, মুকলি পথাৰত ৰ’দ লয় আৰু তাৰ লগৰীয়া আন কাছবোৰৰ সৈতে স্বাভাৱিক আচৰণ কৰে ।

কাছবোৰ ইমান দীৰ্ঘদিন কেনেকৈ জীয়াই থাকে?

সাধাৰণতে এই প্ৰজাতিৰ কাছৰ গড় আয়ুস ১৫০ বছৰ হয়, কিন্তু জোনাথানে তাকো অতিক্ৰম কৰিলে । বিশেষজ্ঞসকলৰ মতে, এই বিশালকায় কাছবোৰৰ দীৰ্ঘায়ুৰ মূল ৰহস্য হৈছে সিহঁতৰ অত্যন্ত লেহেমীয়া জীৱনশৈলী । সিহঁতৰ শৰীৰত শক্তি অতি কম পৰিমাণে খৰচ হয়, বিপাকীয় ক্ৰিয়া অতি লেহেমীয়া আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অত্যন্ত শক্তিশালী হয় ।

ইয়াৰ উপৰিও বিজ্ঞানীসকলে জোনাথানৰ ডি এন এ লৈও গৱেষণা চলাইছে, কাৰণ তাৰ শৰীৰৰ কোষবোৰ মানুহৰ দৰে সহজে নষ্ট নহয় । এই বিশেষত্বসমূহৰ বাবেই ছেচেলছ আৰু গালাপাগোছৰ দৰে দ্বীপবোৰৰ বিশালকায় কাছবোৰ সহজে ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকে, যদিও জোনাথানৰ দৰে ১৯৪ বছৰ পৰ্যন্ত জীয়াই থকাটো সমগ্ৰ বিশ্বতে এক বিৰল ঘটনা ।

লগতে পঢ়ক : ভূমিকম্পৰ পাছত আকাশৰ এই ৰূপ দেখি স্তব্ধ হৈ পৰিল সকলো!

প্ৰজননৰ বাবে ৪৫০০ কিলোমিটাৰ সাঁতুৰি শ্ৰীলংকা হৈ মহাৰাষ্ট্ৰত উপস্থিত এটা কাছ…

চলিত বৰ্ষৰ আৰম্ভণিতে মহাৰাষ্ট্ৰ বন বিভাগৰ এটা দলে ৰত্নাগিৰিৰ গুহাগৰ সমুদ্ৰ তীৰত বাহ সাজি থকা এটা অকলশৰীয়া কাছ উদ্ধাৰ কৰে । ভালদৰে পৰীক্ষা কৰি তেওঁলোকে কাছৰ সন্মুখৰ দুয়োটা ফ্লিপাৰতে দুটা চিকচিকিয়া ধাতুৰ টেগ পাইছিল । এই অলিভ ৰিডলী কাছটোক ০৩২৩৩ বুলি চিনাক্ত কৰা হয় আৰু ইয়াৰ বিষয়ে এটা কাহিনী পোহৰলৈ আহে ।

৪৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা-

গৱেষকসকলে জানিব পাৰিছে যে কাছটোৱে প্ৰায় ৪৫০০ কিলোমিটাৰ দীঘলীয়া আৰু কঠিন যাত্ৰা কৰিছিল । ওড়িশাৰ গহিৰমাথাৰ পৰা আৰম্ভ কৰি পূব উপকূলৰ কাষেৰে নামি শ্ৰীলংকাৰ কাষেৰে ঘূৰি উত্তৰ দিশলৈ গৈ জাফনালৈ ঘূৰাৰ পাছত পুনৰ তিৰুৱনন্তপুৰমলৈ আৰু তাৰ পিছত পশ্চিম উপকূলৰ ওপৰেৰে ওপৰলৈ উঠি অৱশেষত ৰত্নগিৰিৰ উপকূলত উপস্থিত হয় ।

কাছৰ বাহ আৰু ১২৫ টা কণী-

গুৱাগৰৰ বগা বালিৰ সমুদ্ৰ তীৰত বাহ সাজি ১২৫টা কণী পাৰে কাছটোৱে, ইয়াৰে কমেও ১০৭টা কণী ফুটিছে । ফ্লিপাৰ টেগটোৰ নম্বৰ আছিল ০৩২৩৩ আৰু ২০২১ চনৰ ১৮ মাৰ্চত ওড়িশাৰ গহিৰমাথা সামুদ্ৰিক বন্যপ্ৰাণী অভয়াৰণ্যত ভাৰতীয় জুলজিকেল চাৰ্ভে অব্ ইণ্ডিয়াই(ZSI)  ইয়াক টেগ কৰিছিল ।

প্ৰথমবাৰৰ বাবে ঘটিল এই ঘটনা-

সেই বছৰ ১২ হাজাৰ অলিভ ৰিডলী কাছৰ ভিতৰত এটা আছিল এই কাছটো, যাক ফ্লিপাৰত টেগ কৰা হৈছিল যাতে ইহঁতৰ প্ৰব্ৰজনৰ ধৰণ আৰু খাদ্য গ্ৰহণ কৰা ঠাই অনুসৰণ কৰাত সহায়ক হয় । ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সুৰেশ কুমাৰে কয় যে মই কেতিয়াও ভবা নাছিলো যে কাছ পূব উপকূলৰ পৰা পশ্চিম উপকূললৈ আহিব পাৰে । যদিও এইটো বিৰল পৰিঘটনা নহ’বও পাৰে, তথাপিও এইটো হয়তো প্ৰথম লিপিবদ্ধ দৃষ্টান্ত য’ত পূব উপকূলত টেগ কৰা কাছ এটা পশ্চিম উপকূলত পোৱা গৈছে । আমি নাজানিছিলো যে এই প্ৰজাতিটোত এনে প্ৰব্ৰজন সম্ভৱপৰ ।