বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ পইণ্ট তালিকাত বৃহৎ পৰিৱৰ্তন হৈছে । প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকাক পৰাস্ত কৰাৰ পিছত দক্ষিণ আফ্ৰিকাৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰিছে । এতিয়া তৃতীয় স্থানলৈ অৱনমিত হোৱা অষ্ট্ৰেলিয়াৰ ঠাই লৈছে প্ৰটিয়াছে । শনিবাৰে কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ২৩৩ ৰানৰ আকৰ্ষণীয় জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই ডব্লিউ টি চি টেবুলত ভাৰতৰ পিছতে দ্বিতীয় স্থানলৈ উন্নীত হয় । অৱশ্যে শীৰ্ষ ২ত থাকিবলৈ এই তিনিটা দলৰ মাজত কঠোৰ প্ৰতিযোগিতা চলি আছে ।
বিপদত ভাৰত !
ভাৰতীয় দলটো ডব্লিউ টি চি পইণ্ট টেবুলৰ শীৰ্ষত থাকিলেও পৰাজয় ফাইনেলত প্ৰৱেশৰ পথত এক ডাঙৰ বাধা হৈ পৰিব পাৰে । ভাৰতৰ ৬১.১১ পি চি টি আছে, যি দক্ষিণ আফ্ৰিকা (৫৯.২৬ পিচিটি) আৰু অষ্ট্ৰেলিয়া (৫৭.৬৯ পিচিটি)ৰ পৰা বিশেষ দূৰত নহয় । অৱশ্যে এইটো স্পষ্ট যে বাকী চাৰিখন টেষ্ট মেচৰ তিনিখনত যদি ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে, তেন্তে অহা বছৰ ফাইনেল খেলাটো নিশ্চিত, কিন্তু ই ইমানো সহজ নহয় ।
দক্ষিণ আফ্ৰিকাৰ জয়ত জিলিকি উঠিল জেনছেন-
মাৰ্কো জেনছেনৰ নেতৃত্বত প্ৰটিয়াছৰ বলিং আক্ৰমণে দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰি মাত্ৰ ৪২ ৰানত বিপক্ষক বল আউট কৰে । ১৯৯১ চনত দক্ষিণ আফ্ৰিকাই পুনৰ ক্ৰিকেটত প্ৰৱেশ কৰাৰ পিছত জেনছেনে দহ উইকেট দখল কৰা প্ৰথমজন বাওঁহতীয়া বেগী বলাৰ হিচাপে পৰিগণিত হয় । প্ৰথম ইনিংছত বেটিং কৰাৰ পিছত প্ৰটিয়াছে সংগ্ৰাম কৰিছিল । ইটোৰ পিছত সিটো উইকেট পৰাৰ পাছত অধিনায়ক টেম্বা বাভুমাৰ ৭০ ৰানৰ অৱদানেৰে দলৰ স্কৰ ১৯১/১০ ৰানলৈ লৈ যায় ।
৪২ ৰানত বিধ্বস্ত হৈ পৰে আলহী দল-
প্ৰথম ইনিংছত ২০০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰাৰ বাবে দ্বিতীয় দিনা প্ৰটিয়াছৰ বলাৰসকলে অপৰিসীম হেঁচাত খেলপথাৰত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । মাৰ্কো জেনছেনৰ ৬.৫ অভাৰৰ উজ্জ্বল স্পেলত বাওঁহাতৰ বেগী বলাৰগৰাকীয়ে ৭টা উইকেট দখল কৰে । কাগিছ’ ৰাবাডা (১) আৰু গেৰাল্ড ক’টজীয়ে (২) আলহী দলটোক ৪২ ৰানত অল আউট কৰি ১৪৯ ৰানত অগ্ৰগতি লাভ কৰে ।
ষ্টাবছ-বাভুমাৰ শতক-
দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট মেচত দক্ষিণ আফ্ৰিকাৰ হৈ চতুৰ্থ উইকেটৰ বাবে ২৪৯ ৰান সংগ্ৰহ কৰি ট্ৰিষ্টান ষ্টাবছ (১২২) আৰু বাভুমাই (১১৩) সৰ্বাধিক অংশীদাৰিত্ব কৰে । ২০১২ চনত কেপ টাউনৰ নিউলেণ্ডছত এ বি ডি ভিলিয়াৰ্ছ আৰু জেক কালিছৰ ১৯২ ৰানৰ অভিলেখ ভংগ কৰে তেওঁলোকে । ৩৬৬/৫ স্ক’ৰত প্ৰটিয়াছে নিজৰ ইনিংছ ঘোষণা কৰি আলহী দলটোক ৫১৬ ৰানৰ বিশাল লক্ষ্য প্ৰদান কৰে । দীনেশ চাণ্ডিমল আৰু অধিনায়ক ধনঞ্জয় ডি ছিলভাৰ বহু প্ৰচেষ্টাৰ পিছতো আলহী দলটোক ২৮২ ৰানত অল আউট কৰি আয়োজক দলটোৱে এক স্মৰণীয় জয় লাভ কৰে ।