টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কাগিছ’ ৰাবাডাৰ বিধ্বংসী ৰূপ; পাঁচ উইকেট দখেলেৰে সৃষ্টি কৰিলে ইতিহাস

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কাগিছ’ ৰাবাডাৰ বিধ্বংসী ৰূপ

২০২৫ৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনটোত দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট চেম্পিয়নশ্বিপৰ এই মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই খেলখনত কেংগাৰু দলটোৱে ২১২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই । দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাই শক্তিশালী বলিঙেৰে ৫১ ৰানত ৫ উইকেট দখল কৰে ।

ৰাবাডাৰ শক্তিশালী বলিঙত দিশহাৰা হৈ টেষ্ট চেম্পিয়নশ্বিপৰ ডিফেণ্ডিং চেম্পিয়ন কেংগাৰু দলে ২১২ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় । ইয়াৰ পিছতে নিজৰ প্ৰথম ইনিংছ মুকলি কৰিবলৈ অহা অহা দক্ষিণ আফ্ৰিকা প্ৰথম দিনাই ৪৩ ৰানত ৪টা উইকেট হেৰুৱাই । উল্লেখ্য যে, ডব্লিউ টি চিৰ ফাইনেলৰ প্ৰথম দিনটোৰ আটাইতকৈ ডাঙৰ নায়ক কাগিছ’ ৰাবাডা শেহতীয়াকৈ আন কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছিল ।

আই পি এলত গুজৰাট টাইটানছৰ হৈ মাত্ৰ দুখন মেচহে খেলিবলৈ সক্ষম হৈছিল ৰাবাডা । ইয়াৰ পিছত তেওঁ “ব্যক্তিগত কাৰণ”ৰ উল্লেখ কৰি ঘৰলৈ উভতি যায় । পিছত পোহৰলৈ আহে যে কোকেইন সেৱনৰ বাবে তেওঁৰ ওপৰত এমাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ আৰু মাত্ৰ দুখন মেচহে খেলিছিল । সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁৰ প্ৰদৰ্শন যথেষ্ট দুৰ্বল আছিল । ইকনমি ৰেটত ৮৮ আৰু ষ্ট্ৰাইক ৰেটত ১০০ নম্বৰত আছিল অৰ্থাৎ তেওঁক সাধাৰণ খেলুৱৈৰ দৰে দেখা গৈছিল, যিটো ৰাবাডাৰ শ্ৰেণীৰ খেলুৱৈৰ পৰা আশা কৰা নাযায় ।

ইয়াৰ পিছত যি হৈছিল সেয়াই আৰু অধিক জোকাৰণিৰ সৃষ্টি কৰিছিল । ৰাবাডাই ক্ষমা খুজিল, কিন্তু কোনটো ড্ৰাগছ সেৱন কৰিছিল আৰু কিমানবাৰ সেৱন কৰিছিল সেই কথা তেওঁ কোৱা নাছিল । মাত্ৰ এবাৰ ব্যৱহাৰ কৰাৰ বাবে ধৰা পৰাটোও এক প্ৰকাৰৰ দুৰ্ভাগ্য বুলি গণ্য কৰা হ’ব । বিশেষ কথাটো হ’ল, এই খবৰটো প্রচাৰ কৰা দুজন জ্যেষ্ঠ সাংবাদিকক ৰাবাডাৰ সংবাদমেললৈ নিমন্ত্রণ কৰা হোৱা নাছিল ৷

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাডাৰ দুৰ্দান্ত প্ৰদৰ্শনে-

বুধবাৰে লৰ্ডছত ৰাবাডাৰ কান্ধত যথেষ্ট হেঁচা পৰিছিল । অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি বেটিং কৰাৰ পৰিৱৰ্তে বলিং কৰিবলৈ বাছি লয় । ৰাবাডাই এই সিদ্ধান্ত সঠিক বুলি প্ৰমাণ কৰিলে । উছমান খোৱাজা, কেমেৰুন গ্ৰীণ, পেট কামিন্স, বিউ ৱেবষ্টাৰ আৰু নাথান লায়নক আউট কৰি ১৫.৪ অভাৰত ৫১ ৰানত ৫ উইকেট দখল কৰে ৰাবাডাই । কোকেইন বিতৰ্কৰ বিষয়ে সোধাত ৰাবাদাই হাঁহি এটা মাৰি কয়, সেইখিনি সময় ভাল নাছিল… এতিয়া জীৱনটো আগবাঢ়িছে । প্ৰতিখন মেচতে মই যৎপৰোনাস্তি চেষ্টা কৰো ।

এই প্ৰদৰ্শনেৰে ৰাবাডাৰ টেষ্ট উইকেট ৩৩২ হয়, যাৰ ফলত তেওঁ এলান ড’নাল্ডক অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাৰ সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় । এতিয়া তেওঁৰ সন্মুখত আছে কেৱল ডেল ষ্টেইন, শ্বৌউন পোলক আৰু মাখায়া এন্টিনি ।

লগতে পঢ়ক : ভংগ হ’ল মহম্মদ শ্বামীৰ অভিলেখ; আইচিচিৰ ফাইনেলৰ নতুন বাদশ্বাহ মিচেল ষ্টাৰ্ক

কেতিয়াৰ পৰা আৰম্ভ হ’ব পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ?  কেতিয়া আৰু কাৰ বিৰুদ্ধে যুঁজিব টিম ইণ্ডিয়াই

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ সংস্কৰণৰ চূড়ান্ত প্ৰতিযোগী দুয়োটা দল সন্মুখলৈ আহিছে । এফালে অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকাই ইতিমধ্যেই খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰিছে । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে পৰৱৰ্তী টেষ্ট চেম্পিয়নশ্বিপৰ সূচীত । ২০২৫ চনৰ ফাইনেলখন চলিত বৰ্ষৰ ১১ জুনৰ পৰা ইংলেণ্ডৰ লৰ্ডছত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব । জানক পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কোন দিনাৰ পৰা আৰম্ভ হ’ব ?

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কেতিয়াৰ পৰা আৰম্ভ হ’ব ?

১১ জুনৰ পৰা লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ ফাইনেলৰ পিছত আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২০২৭ । ভাৰতৰ কথা ক’বলৈ গ’লে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰৱৰ্তী চক্ৰৰ প্ৰথমখন ছিৰিজ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে । ২০২৫ চনৰ জুন মাহত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব পাঁচখনীয়া টেষ্টৰ শৃংখলা । ইয়াৰ উপৰিও জুন মাহত শ্ৰীলংকা বনাম বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ বনাম অষ্ট্ৰেলিয়া শৃংখলাও অনুষ্ঠিত হ’ব ।

ভাৰতৰ সূচী-

জুন মাহত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন শৃংখলা খেলিব । দুয়োটা দলৰ মাজত ৫খন টেষ্ট অনুষ্ঠিত হ’ব আৰু এই শৃংখলাটো জুলাই মাহৰ শেষ সপ্তাহত সমাপ্ত হ’ব । ইংলেণ্ডৰ এই ভ্ৰমণ সমাপ্ত হোৱাৰ পাছত অক্টোবৰ মাহত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজ দলক আতিথ্য প্ৰদান কৰিব । কেৰিবিয়ান দলৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা খেলিব লাগিব টিম ইণ্ডিয়াই । একে সময়তে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট মেচৰ শৃংখলাৰ জৰিয়তে ২০২৫ বৰ্ষৰ ছিজন সমাপ্ত কৰিব ।

২০২৬ চনৰ আগষ্ট মাহত টিম ইণ্ডিয়াই শ্ৰীলংকা ভ্ৰমণ কৰিব লাগিব, য’ত দুয়োটা দলে দুখন টেষ্ট খেলিব আৰু তাৰ পিছত অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতে নিউজীলেণ্ড ভ্ৰমণ কৰি ২ টেষ্ট মেচৰ শৃংখলা খেলিব । তাৰ পিছত WTC ২০২৫-২৭ ত ভাৰতৰ অন্তিমখন শৃংখলা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’ব, য’ত পাঁচখনীয়া টেষ্ট মেচ অনুষ্ঠিত হ’ব ।

মেলবৰ্ণত পৰাজয়ৰ পিছত কঠিন হৈ পৰিছে ফাইনেলৰ গণিত, এতিয়া শ্ৰীলংকাৰ মুখলৈ চাইছে টিম ইণ্ডিয়াই…

মেলবৰ্ণ ক্ৰিকেট খেলপথাৰ (এম চি জি)ত ২৬-৩০ ডিচেম্বৰলৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট । এই মেচখনত ভাৰতীয় দলটোৱে ১৮৪ ৰানত শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগা হয় । মেচখনত ভাৰতীয় দলটোৱে জয়ী হ’বলৈ ৩৪০ ৰানৰ লক্ষ্য লাভ কৰিছিল যদিও খেলখন ড্ৰ’তো সমাপ্ত কৰিব নোৱাৰিলে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ অন্তিমখন টেষ্ট ।

মেলবৰ্ণ টেষ্টত পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে ২০২৩-২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশাত ডাঙৰ আঘাত লাভ কৰিছে । এতিয়া ভাৰতীয় দলটোৱে ছিডনী টেষ্টত জয়লাভ কৰিও পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে । ছিডনী টেষ্টত জয়ী হোৱাৰ ওপৰিও ভাৰতক শ্ৰীলংকাৰ সহায়ৰ প্ৰয়োজন হ’ব । শ্ৰীলংকাৰ দলটোৱে ২০২৫ৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব ।

এতিয়া ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিব লাগিব । লগতে শ্ৰীলংকাৰ দলটোৱে দুখন মেচৰ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক ২-০ ব্যৱধানত হোৱাইট ৱাশ্ব কৰাৰ আশা কৰিব লাগিব । যদি ছিডনী টেষ্ট ড্ৰ’ হয় তেন্তে ভাৰত ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব । ডব্লিউ টি চিৰ চলিত চক্ৰৰ ফাইনেলখন ২০২৫ৰ ১১-১৫ জুনলৈ ক্ৰিকেটৰ মক্কা লৰ্ডছত অনুষ্ঠিত হোৱাৰ কথা আছে ।

ভাৰতৰ বাবে এয়াই চূড়ান্ত সমীকৰণ-

-যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-২ ব্যৱধানত ড্ৰ’ হয় তেন্তে ভাৰতে ৫৫.২৬ শতাংশ পইণ্টেৰে অন্ত পেলাব । এনে পৰিস্থিতিত ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত শ্ৰীলংকাই ২-০ ব্যৱধানত জয়লাভ কৰিলেহে ভাৰতীয় দল ফাইনেলত প্ৰৱেশ কৰিব ।

-যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-২ ব্যৱধানত শৃংখলাত পৰাস্ত হয়, তেন্তে ৫১.৭৫ শতাংশ পইণ্টেৰে ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ দলটোৱে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে । দক্ষিণ আফ্ৰিকাই ১১খন খেলত ৭খনত জয়, ৩খনত পৰাজয় আৰু ১খন ড্ৰ’ৰ পৰা ৮৮ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ পইণ্টৰ শতাংশ ৬৬.৬৭ । দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ দল । ১৬খন খেলত অষ্ট্ৰেলিয়াই ১০খনত জয়, ৪খনত পৰাজয় আৰু ২খনত ড্ৰ’ৰ পৰা ১১৮ পইণ্ট লাভ কৰিছে । দলটোৰ নম্বৰৰ শতাংশ ৬১.৪৬ । বৰ্তমান তৃতীয় স্থানত থকা ভাৰতে ১৮খন মেচত ৯খনত জয়, ৭খনত পৰাজয় আৰু ২খনত ড্ৰ’ৰ পৰা ১১৪ পইণ্ট লাভ কৰিছে । ভাৰতৰ নম্বৰৰ শতকৰা হাৰ ৫২.৭৮ ।

৪৮.২১ শতাংশ নম্বৰেৰে চতুৰ্থ স্থানত থকা নিউজীলেণ্ড দলটো ফাইনেলৰ দৌৰৰ বাহিৰত । আনহাতে শ্ৰীলংকাৰ দলটো পাঁচ নম্বৰত আছে যদিও ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা শেষ হৈছে । শ্ৰীলংকাৰ দলটোৱে ৪৫.৪৫ শতাংশ পইণ্ট লাভ কৰি আছে আৰু সৰ্বোচ্চ ৫৩.৮৫ শতাংশ পইণ্ট লাভ কৰিব পাৰে । ইংলেণ্ড ষষ্ঠ, পাকিস্তান সপ্তম, বাংলাদেশ অষ্টম আৰু ৱেষ্ট ইণ্ডিজ নৱম স্থানত আছে ।

২০২৩ চনৰ পৰা ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইটো তৃতীয় চক্ৰ । ইতিমধ্যে এই তৃতীয় চক্ৰৰ বাবে পইণ্ট ব্যৱস্থাৰ সৈতে জড়িত নিয়মসমূহ আই চি চিয়ে প্ৰকাশ কৰিছে । টেষ্ট মেচত জয়ী হোৱাৰ বাবে এটা দলে ১২ পইণ্ট, মেচখন ড্ৰ’ কৰাৰ বাবে ৪ পইণ্ট আৰু টাই হ’লে ৬ পইণ্ট লাভ কৰে ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে দক্ষিণ আফ্ৰিকা, চেঞ্চুৰিয়নত পাকিস্তানৰ শোচনীয় পৰাজয়

চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত দেওবাৰে দক্ষিণ আফ্ৰিকাই পাকিস্তানক ২ উইকেটত পৰাস্ত কৰে । চেঞ্চুৰিয়নত অনুষ্ঠিত হোৱা মেচখনত দক্ষিণ আফ্ৰিকাই ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে । এই জয়েৰে দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে দক্ষিণ আফ্ৰিকা ।

পাকিস্তানে প্ৰথম ইনিংছত ২১১ ৰান আৰু দ্বিতীয় ইনিংছত ২৩৭ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৩০১ ৰান আৰু দ্বিতীয় ইনিংছত ১৫০ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ এইডেন মাৰ্ক্ৰামে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । কাগিছ’ ৰাবাডাই নিজৰ উজ্জ্বল বেটিং প্ৰদৰ্শনেৰে দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।

আছিল চেঞ্চুৰিয়ন টেষ্টত পাকিস্তানৰ প্ৰদৰ্শন-

পাকিস্তানে প্ৰথম ইনিংছত ২১১ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত বাবৰ আজম, শ্বান মাছুদকে ধৰি বহু খেলুৱৈয়ে শোচনীয় প্ৰদৰ্শন আগবঢ়াই । কামৰাণ গুলামে ৫৪ ৰানৰ ইনিংছ খেলে । দ্বিতীয় ইনিংছতো ২৩৭ ৰান সংগ্ৰহ কৰি দলটো অল আউট হয় । দ্বিতীয় ইনিংছত নিজৰ শক্তি প্ৰদৰ্শন কৰি ছাউদ শ্বাকিলে ৮৪ ৰান সংগ্ৰহ কৰে । বাবৰ আজমে ৫০ ৰানৰ ইনিংছ খেলে । ইয়াৰ বাহিৰে আন কোনোৱে বিশেষ কোনো প্ৰদৰ্শন কৰিব পৰা নাছিল ।

দক্ষিণ আফ্ৰিকাৰ হৈ শক্তি প্ৰদৰ্শন কৰিলে মাৰ্কৰাম-ৰাবাডাই-

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ৩০১ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত এইডেন মাৰ্ক্ৰামে ৮৯ ৰানৰ ইনিংছ খেলে । তেওঁ ১৫টা চাৰি কোবাই । একে সময়তে কৰ্বিন বছে ৮১ ৰানৰ অপৰাজিত ইনিংছ খেলে । লগতে ১৫টা চাৰিও কোবাই । দ্বিতীয় ইনিংছত ৯৯ ৰানৰ স্ক’ৰত ৮ উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই । কিন্তু কাগিছ’ ৰাবাডা আৰু মাৰ্কো জেন্সেনে দলটোক ৰক্ষা কৰে । ৰাবাডাই অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰে । আনহাতে জেন্সেন ১৬ ৰানত অপৰাজিত হৈ থাকে । এইদৰে দক্ষিণ আফ্ৰিকাই ২ উইকেটত জয়লাভ কৰে । লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো প্ৰৱেশ কৰে দক্ষিণ আফ্ৰিকাই ।

সজীৱ হৈ আছে ফাইনেলত প্ৰৱেশৰ আশা, এতিয়াও টেষ্ট চেম্পিয়নশ্বিপৰ পইন্ট টেবুলৰ তৃতীয় স্থানত আছে ভাৰত

ব্ৰিছবেনৰ গাব্বা খেলপথাৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচ অমীমাংসিত ভাৱে সমাপ্ত হৈছে । এই টেষ্টখনৰ পিছত, ভাৰতীয় দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট তালিকাত তৃতীয় স্থানত আছে । অৱশ্যে, ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাৰ ভাৰতৰ আশা এতিয়াও জীয়াই আছে আৰু তেওঁলোকে দ্বিতীয় স্থান লাভ কৰি ইয়াৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে ।

তৃতীয় টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয়-

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয় । অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ২৭৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে তেওঁলোকৰ দ্বিতীয় ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ৮ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে, ইয়াৰ পিছত, বৰষুণে আৰু অধিক খেল খেলিবলৈ অনুমতি নিদিলে আৰু দুয়োজন অধিনায়কে খেলখন ড্ৰ’ত সমাপ্ত কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি টছত পৰাজিত হৈ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ২৬০ ৰাণত সমাপ্ত হয় । দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ১৮৫ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল । দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই সাতটা উইকেট হেৰুৱাই ৮৯ ৰাণ সংগ্ৰহ কৰে আৰু তেওঁলোকৰ মুঠ অগ্ৰগতি আছিল ২৭৪ ৰাণ । সমগ্ৰ খেলখন বৰষুণৰ দ্বাৰা বাধাপ্ৰাপ্ত হয় ।

ভাৰততকৈ অষ্ট্ৰেলিয়া আগবাঢ়ি আছে-

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় টেষ্ট ড্ৰ’ হোৱা স্বত্বেও, অষ্ট্ৰেলিয়া দল ডব্লিউ টি চি পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে । দুয়োটা দলে পইণ্ট ভাগ বতৰা কৰিবলৈ বাধ্য হয় । ড্ৰ’ৰ ফলত ভাৰতৰ ডব্লিউ টি চি পইণ্টৰ শতাংশ ৫৭.২৯ ৰ পৰা ৫৫.৮৮ লৈ হ্ৰাস পাইছে । দক্ষিণ আফ্ৰিকা শীৰ্ষস্থানত থকা পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ভাৰত ।

কেনেকৈ ফাইনেলত উপনীত হ’ব ভাৰত ?

ডব্লিউ টি চি ২০২৩-২৫ চক্ৰৰ ফাইনেলত উপনীত হ’বলৈ, ভাৰতে পৰৱৰ্তী দুখন মেচত পৰাজয় এৰাই চলিব লাগিব । আনকি ভাৰতে বাকী দুখন মেচত এখনত ড্ৰ আৰু এখনত জয় লাভ কৰিব পাৰিলেও, তেওঁলোকৰ আশা সজীৱ হৈ থাকিব । গাব্বা টেষ্ট ড্ৰ হোৱাৰ পিছত যদি  ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণ আৰু চিডনী টেষ্ট জিকিবলৈ সক্ষম হয় তেন্তে সৰ্বাধিক ১৩৮ পইণ্ট অৰ্জন কৰিব পাৰে আৰু তেওঁলোকৰ পি চি টি ৬০.৫২ ত উপনীত হ’ব পাৰে । যদি ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে পৰৱৰ্তী দুখন মেচ জিকিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ৩-১ ত জিকিব ।

যদি শৃংখলা অমীমাংসিত হয়, ভাৰত সমস্যাৰ সন্মুখীন হ’ব-

যদি ভাৰতে অষ্ট্ৰেলিয়াক ৩-১ ত পৰাস্ত কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকৰ পি চি টি হ’ব ৬০.৫২, আনহাতে যদি অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁলোকৰ দুখন টেষ্ট জিকিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকৰ সৰ্বাধিক পিচিটি ৫৭ হ’ব আৰু ডিফেণ্ডিং চেম্পিয়ন দলটো ফাইনেলৰ দৌৰৰ বাহিৰত থাকিব । যদি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শৃংখলাটো ২-২ ত ড্ৰ হয়, তেন্তে ভাৰতৰ পি চি টি ৫৭.০১ হ’ব আৰু ইয়াৰ পইণ্ট হ’ব ১২৬ । এনে পৰিস্থিতিত, শৃংখলাৰ শেষত অষ্ট্ৰেলিয়া ১৩০ পইণ্টৰ সৈতে আগবাঢ়ি থাকিব আৰু ভাৰত ডব্লিউ টি চি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ।

দক্ষিণ আফ্ৰিকাৰ জয়ে বাবে বঢ়ালে টিম ইণ্ডিয়াৰ চিন্তা…আকৰ্ষণীয় হৈ পৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ গণিত

দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল গকেবাৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হয় । এই টেষ্টত আয়োজক দল দক্ষিণ আফ্ৰিকাই ১০৯ ৰানত জয়লাভ কৰে । মেচখনত জয়ী হ’বলৈ শ্ৰীলংকাই ৩৪৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল । কিন্তু মেচখনৰ পঞ্চম দিনা (৯ ডিচেম্বৰ) দ্বিতীয় ইনিংছত ২৩৮ ৰানতে দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই । এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলা ২-০ ব্যৱধানত দখল কৰে ।

দক্ষিণ আফ্রিকা এতিয়া শীর্ষত…

শ্ৰীলংকাৰ বিৰুদ্ধে এই জয়ৰ পিছত দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ত ডাঙৰ অগ্ৰগতি লাভ কৰিছে । আফ্ৰিকান দলটোৱে এতিয়া ডব্লিউ টি চিৰ পইণ্ট তালিকাত প্ৰথম স্থানত উপনীত হৈছে । এতিয়া দক্ষিণ আফ্ৰিকাই ৬খনত জয়, ৩খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১০খন মেচৰ পৰা ৭৬ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ ন্মবৰ শতাংশ ৬৩.৩৩, যি অষ্ট্ৰেলিয়াতকৈ বেছি ।

আনহাতে, অষ্ট্ৰেলিয়াৰ দলটো এতিয়া দ্বিতীয় স্থানলৈ অৱনমিত হৈছে । এতিয়ালৈকে অষ্ট্ৰেলিয়াই ১৪খন মেচত ১০২ পইণ্ট লাভ কৰি ৯খনত জয়, ৪খনত পৰাজয় আৰু ১খন ড্ৰ’ কৰিছে । তেওঁলোকৰ নম্বৰৰ শতাংশ ৬০.৭১ । বৰ্তমান তৃতীয় স্থানত থকা ভাৰতে ৯খনত জয়, ৬খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১৬খন খেলৰ পৰা ১১০ পইণ্ট লাভ কৰিছে । তেওঁলোকৰ নম্বৰৰ শতকৰা হাৰ ৫৭.২৯ । বৰ্তমানৰ চক্ৰত ভাৰতে আৰু ৩ খন মেচ খেলিব লাগিব, যি কেৱল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছে ।

এই পৰাজয়ৰ মাজতো শ্ৰীলংকাৰ দলটো চতুৰ্থ স্থানত আছে যদিও ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় শেষ হৈছে । শ্ৰীলংকাৰ ৪৫.৪৫ শতাংশ নম্বৰ আছে আৰু সৰ্বোচ্চ ৫৩.৮৫ শতাংশ নম্বৰ লাভ কৰাৰ সম্ভাৱনা আছে । ইংলেণ্ড পঞ্চম আৰু নিউজীলেণ্ড ষষ্ঠ স্থানত আছে । আনহাতে পাকিস্তান সপ্তম, বাংলাদেশ অষ্টম আৰু ৱেষ্ট ইণ্ডিজ নৱম স্থানত আছে । নিউজীলেণ্ড, ইংলেণ্ড, পাকিস্তান, বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ ফাইনেলৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে ।

এতিয়া ভাৰতৰ বাবে এই সমীকৰণ-

দেখা যায় যে, দক্ষিণ আফ্ৰিকাৰ বাবে এতিয়া ফাইনেলৰ পথ সহজ হৈ পৰিছে । দক্ষিণ আফ্ৰিকাই এতিয়া ঘৰুৱা ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব লাগিব । এই ছিৰিজত যদি আফ্ৰিকান দলটোৱে এখন মেচতো জয়ী হয় তেন্তে ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ কৰিব । আনহাতে ভাৰতীয় দলৰ বাবে সমীকৰণটো অধিক কঠিন হৈ পৰিছে । ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ ব্যৱধানত শৃংখলা জয় কৰিব লাগিব ভাৰতে ।

অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ভাৰতে বাকী তিনিখন টেষ্টত জয়ী হ’ব লাগিব, যাতে ৬৩.১৫ শতাংশ নম্বৰত উপনীত হ’ব পাৰে । কিন্তু ভাৰতীয় দলটোৱে যদি এখন টেষ্টতো পৰাস্ত হয় তেন্তে পইণ্টৰ শতকৰা হাৰ ৫৭.৮৯ লৈ হ্ৰাস পাব । এনে পৰিস্থিতিত ভাৰতীয় দলটোৱে আশা কৰিব লাগিব যে পাকিস্তানে দক্ষিণ আফ্ৰিকাক ২-০ ব্যৱধানত পৰাস্ত কৰিব । আনহাতে শ্ৰীলংকাই ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াক ২-০ বা ১-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব, অন্যথা দুয়োখন টেষ্ট ড্ৰ’ হ’ব লাগিব ।

এডিলেইড টেষ্টত পৰাজয়ৰ পিছত বৃহৎ ক্ষতি টীম ইণ্ডিয়াৰ, সলনি হ’ল WTC ফাইনেলৰ গণিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল এডিলেইড অ’ভেলত অনুষ্ঠিত হয় । এই পিংক বল টেষ্টত ভাৰতীয় দলটোৱে ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । আয়োজক দলটোৱে জয়ৰ বাবে ১৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু সহজেই লক্ষ্যত উপনীত হয় । এতিয়া ১৪ ডিচেম্বৰৰ পৰা (শনিবাৰে) ব্রিছবেনৰ গাব্বা খেলপথাৰত দুয়োটা দলৰ মাজত তৃতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ’ব ৷

এডিলেইডত পৰাজয়ৰ বাবে বৃদ্ধি পালে টিম ইণ্ডিয়াৰ চিন্তা-

এডিলেইড টেষ্টত পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । এতিয়া ভাৰতীয় দলটো পইণ্ট তালিকাত তৃতীয় স্থানলৈ অৱনমিত হৈছে । এই মেচখনৰ পূৰ্বে ভাৰতীয় দলটো শীৰ্ষত আছিল যদিও এতিয়া দক্ষিণ আফ্ৰিকাই দলটোক অতিক্ৰম কৰিছে, আনহাতে অষ্ট্ৰেলিয়াৰ দলটোৱে এই জয়ৰ পিছত প্ৰথম স্থানলৈ উন্নীত হৈছে ।

প্ৰথম স্থানত থকা অষ্ট্ৰেলিয়াই এতিয়ালৈকে ১৪খন মেচত ৯টা জয়, ৪টা পৰাজয় আৰু ১খন ড্ৰ’ৰে ১০২ পইণ্ট লাভ কৰিছে । দলটোৰ নম্বৰৰ শতাংশ ৬০.৭১ । দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাই ৫খনত জয়, ৩খনত পৰাজয় আৰু এখনত ড্ৰ’ৰে ৯খন মেচত ৬৪ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ নম্বৰ শতাংশ ৫৯.২৬, যিটো বৰ্তমান ভাৰততকৈ বেছি ।

ভাৰতীয় দলটোৱে ১৬খন খেলত ৯খনত জয়, ৬খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১১০ পইণ্ট লাভ কৰিছে । দলটোৰ নম্বৰৰ শতকৰা হাৰ এতিয়া ৫৭.২৯ লৈ হ্ৰাস পাইছে । বৰ্তমানৰ চক্ৰত ভাৰতে আৰু ৩ খন মেচ খেলিব লাগিব, যি কেৱল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছে । আনহাতে, শ্ৰীলংকাৰ দল চতুৰ্থ স্থানত, ইংলেণ্ড পঞ্চম স্থানত আৰু নিউজীলেণ্ড ষষ্ঠ স্থানত আছে । সপ্তম স্থানত পাকিস্তান, অষ্টম স্থানত ৱেষ্ট ইণ্ডিজ আৰু নৱম স্থানত আছে বাংলাদেশ । নিউজীলেণ্ড, ইংলেণ্ড, পাকিস্তান, বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ ফাইনেলৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে ।

অৰ্থাৎ ফাইনেলৰ দৌৰত ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত মাত্ৰ চাৰিটা দলহে বাকী আছে । এডিলেইড টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-০ ব্যৱধানত ছিৰিজ জয়ৰ প্ৰয়োজন আছিল যাতে সহজে ডব্লিউ টি চি ফাইনেলত প্ৰৱেশ কৰিব পাৰে । কিন্তু এতিয়া তেওঁলোকৰ বাবে সমীকৰণটো অলপ কঠিন হৈ পৰিছে । এতিয়া ভাৰতে ৪-১ ব্যৱধানত শৃংখলাত জয়ী হ’ব লাগিব যাতে সহজে ফাইনেলত প্ৰৱেশ কৰিব পাৰে ।

এতিয়া ভাৰতৰ বাবে সমীকৰণ এনেকুৱা-

-যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ ব্যৱধানত টেষ্ট শৃংখলাত জয়ী হয়, তেন্তে নিশ্চিতভাৱে WTC ফাইনেলত প্ৰৱেশ কৰিব ।

-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-১ ব্যৱধানত ছিৰিজ জয়ৰ ক্ষেত্ৰতো ভাৰতীয় দলৰ বাবে এক বৃহৎ সুযোগ থাকিব । কিন্তু তেতিয়া তেওঁলোকে দ্বিতীয়খন টেষ্টত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিব লাগিব বুলি আশা কৰিব লাগিব ।

-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-২ৰ ব্যৱধানত শৃংখলা জয় কৰিলেও ভাৰতৰ সুযোগ আছে । অৱশ্যে এনে পৰিস্থিতিত ভাৰতে আশা কৰিব লাগিব যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত শ্ৰীলংকাই অন্ততঃ এখন মেচ ড্ৰ’ কৰিব ।

-অষ্ট্ৰেলিয়াৰ সৈতে শৃংখলা ২-২ ব্যৱধানত সমতা স্থাপন কৰিলেও ভাৰতৰ বাবে কিছু সুযোগ থাকিব । এনে পৰিস্থিতিত যদি দক্ষিণ আফ্ৰিকাই দ্বিতীয়খন টেষ্টত শ্ৰীলংকাক পৰাস্ত কৰে আৰু শ্ৰীলংকাৰ দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়ী হোৱাত সফল হয়, তেন্তে ফাইনেলত ভাৰতৰ স্থান নিশ্চিত হ’ব ।

২০২৩ চনৰ পৰা ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইটো তৃতীয় চক্ৰ । ইতিমধ্যে এই তৃতীয় চক্ৰৰ বাবে পইণ্ট ব্যৱস্থাৰ সৈতে জড়িত নিয়মসমূহ আই চি চিয়ে প্ৰকাশ কৰিছে

সলনি হ’ল সকলো সমীকৰণঃ ইংলেণ্ড আৰু নিউজীলেণ্ডক শাস্তি আই চি চিৰ, ভাৰতৰ বাবে সহজ হৈ পৰিল ডব্লিউ টি চিৰ ফাইনেলৰ পথ

ইংলেণ্ড আৰু নিউজীলেণ্ডক তিনিটা পেনাল্টি পইণ্ট দি শাস্তি প্ৰদান কৰি শাস্তি প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে । ক্ৰাইষ্টচাৰ্চত খেলা প্ৰথমখন টেষ্টত লেহেমীয়া অভাৰ ৰেটৰ বাবে দুয়োটা দলকে পেনাল্টি পইণ্ট দিয়া হৈছে । ইতিমধ্যে ইংলেণ্ড বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা আঁতৰি গৈছে, আনহাতে এই পেনাল্টিয়ে কিৱি দলৰ আশাত এক বৃহৎ আঘাত হানিছে । ৩ পইণ্ট কৰ্তনৰ বাবে এতিয়া নিউজীলেণ্ড ডব্লিউ টি চি পইণ্ট তালিকাত চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ অৱনমিত হৈছে আৰু শ্ৰীলংকাই উপহাৰ হিচাপে লাভ কৰিছে ৪ নম্বৰ ।

নিউজীলেণ্ডৰ পইণ্টৰ শতাংশ এতিয়া ৪৭.৯২ লৈ হ্ৰাস পাইছে আৰু পৰৱৰ্তী সকলো মেচতে জয়লাভ কৰি ইয়াৰ শতাংশ সৰ্বোচ্চ ৫৫.৩৬ লৈ বৃদ্ধি পাব পাৰে । সম্প্ৰতি অষ্ট্ৰেলিয়া, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু ভাৰত কিৱি দলৰ আগত টেবুলত আছে । টিম ইণ্ডিয়া প্ৰথম (৬১.১১), দক্ষিণ আফ্ৰিকা দ্বিতীয় (৫৯.২৬), অষ্ট্ৰেলিয়া তৃতীয় (৫৭.২৬) আৰু শ্ৰীলংকা (৫০) চতুৰ্থ স্থানত আছে । এতিয়া নিউজীলেণ্ডৰ ফাইনেলৰ সমীকৰণ এই যে, ইংলেণ্ডৰ বিৰুদ্ধে বাকী থকা দুয়োখন মেচতে জয়ী হ’লেও ফাইনেলত প্ৰৱেশ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব দলটোৱে ।

আই চি চিয়ে জৰিমনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয়, “অহা বছৰ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত এক টুইষ্ট আহিছে । ক্ৰিষ্টচাৰ্চত খেলা ইংলেণ্ড আৰু নিউজীলেণ্ডৰ খেলখনত লেহেমীয়া অভাৰৰ হাৰৰ বাবে দুয়োটা দলক মেচ মাচুলৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে, লগতে দুয়োটা দলৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তিনি পইণ্ট হ্ৰাস কৰা হৈছে । ইয়াৰ ফলত ফাইনেলৰ দৌৰ আৰু অধিক ৰোমাঞ্চকৰ হৈ পৰিছে ।”

ভাৰত লাভৱান হ’ব-

এতিয়ালৈকে ৫টা দলে পোনপটীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত নামিছে । যিহেতু এতিয়া নিউজীলেণ্ডৰ বাবে ফাইনেলত প্ৰৱেশ কৰাটো অতি কঠিন যেন লাগিছে, সেয়েহে শীৰ্ষত থকা ভাৰতৰ প্ৰতি ভাবুকি প্ৰায় হ্ৰাস পাইছে । শ্ৰীলংকাৰ আগন্তুক সূচী যেন অতি কঠিন, সেয়েহে আনুষ্ঠানিকভাৱে চালে ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা, এই তিনিখন দেশ এতিয়া ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছে  ।