নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এন চি পি) অধ্যক্ষ অজিত পাৱাৰে শনিবাৰে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে । পুনেত পাৱাৰে কয় যে, মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ পৰা হ’ব আৰু শাসনাধিষ্ঠিত ‘মহাযুটী’ৰ আন অংশৰ দুজন উপ-মুখ্যমন্ত্ৰী হ’ব । বিজেপিৰ উপৰিও, ‘মহাযুটী’ত একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনা আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি আছে ।
তেওঁ কয় যে বৈঠকত (মহাযুটীৰ নেতাসকলৰ দিল্লী বৈঠক), সিদ্ধান্ত লোৱা হৈছে যে মহাযুটীয়ে বিজেপিৰ মুখ্যমন্ত্ৰীৰ সৈতে চৰকাৰ গঠন কৰিব আৰু বাকী দুটা দল অৰ্থাৎ এন চি পি আৰু শিৱসেনাৰ পৰা দুজন উপ-মুখ্যমন্ত্ৰী থাকিব । এয়া প্ৰথমবাৰৰ বাবে নহয় যে সিদ্ধান্ত লোৱাত বিলম্ব হৈছে । যদি আপোনাৰ মনত আছে, ১৯৯৯ চনতো চৰকাৰ গঠন কৰিবলৈ এমাহ সময় লাগিছিল ।
মহাযুটীয়ে দৰ্শনীয় বিজয় সাব্যস্ত কৰে-
শেহতীয়াকৈ সমাপ্ত হোৱা মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটে এক দৰ্শনীয় বিজয় সাব্যস্ত কৰে । বিজেপিয়ে ১৩২খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে শিৱসেনা (শিণ্ডে) আৰু এন চি পি (অজিত পাৱাৰ) ক্ৰমে ৫৭ আৰু ৪১খন আসন লাভ কৰিছে । কিন্তু পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই আৰু চৰকাৰ গঠনত পলম হৈছে ।
‘শক্তিশালী দৃষ্টিৰে আগবাঢ়িম’
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাত পাৱাৰে কয়, “ৰাজ্যখনত বিজেপিৰ এজন মুখ্যমন্ত্ৰী আৰু মহাযুটীৰ আন দুটা দলৰ দুজন উপ মুখ্যমন্ত্ৰী থাকিব । শপত গ্ৰহণ অনুষ্ঠানটো ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । আমি এক শক্তিশালী দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো,” ।
মুখ্যমন্ত্ৰীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই-
বিজেপি মহাৰাষ্ট্ৰ ইউনিটৰ সভাপতি চন্দ্ৰশেখৰ বাৱানকুলে শনিবাৰে সন্ধিয়া ঘোষণা কৰে যে অহা ৫ ডিচেম্বৰৰ সন্ধিয়া দক্ষিণ মুম্বাইৰ আজাদ ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন গ্ৰেণ্ড মিত্ৰজোঁট চৰকাৰে শপত গ্ৰহণ কৰিব । যদিও মুখ্যমন্ত্রীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই, তথাপিও বিজেপিৰ সূত্রই প্রকাশ কৰিছে যে এই দৌৰত দেৱেন্দ্র ফড়নৱিছ আগশাৰীত আছে ৷ দুবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে পূৰ্বৰ একনাথ শিণ্ডে নেতৃত্বাধীন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীও আছিল ফড়নৱিছ ।