বৰ্তমান শীতকাল চলি আছে, য’ত আমাৰ দেশৰ বেছিভাগ ঠাইতে ঠাণ্ডাই টোকৰ মাৰিছে । যদিও উত্তৰ ভাৰতৰ জনসাধাৰণ চৰম ঠাণ্ডা আহিলে কঁপি উঠে, তথাপিও জানেনে পৃথিৱীৰ কোনখন ঠাই আটাইতকৈ ঠাণ্ডা ? হয়, পৃথিৱীৰ এনে এখন ঠাই আছে য’ত গ’লে মাত্ৰ কেই ছেকেণ্ডমান সময়ৰ ভিতৰতে ফ্ৰীজ হৈ পৰিব পাৰে ।
পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন কোনখন ?
পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা অথবা শীতল ঠাইখন হৈছে এন্টাৰ্কটিকা মহাদেশত অৱস্থিত ভষ্টক ষ্টেচন । ই ৰাছিয়াৰ এটা গৱেষণা কেন্দ্ৰ আৰু ইয়াত ১৯৮৩ চনৰ ২১ জুলাইত -৮৯.২ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । এই উষ্ণতা ইমানেই কম যে কল্পনাও কৰিব নোৱাৰি ।
উল্লেখ্য যে ভষ্টক ষ্টেচন এন্টাৰ্কটিকাৰ মাজভাগত অৱস্থিত, যি বিশ্বৰ আটাইতকৈ ঠাণ্ডা আৰু শুকান ঠাই । এই ষ্টেচনটো ১৯৫৭ চনত ছোভিয়েট ইউনিয়নৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছিল । ইয়াৰ গড় তাপমাত্ৰা -৫৫ ডিগ্ৰী চেলছিয়াছ । এই স্থানত কোনো গছ-গছনি, উদ্ভিদ জীৱ-জন্তু পোৱা নাযায় । পৃথিৱীৰ ইতিহাসৰ বিষয়ে জানিবলৈ বিজ্ঞানীসকলে ইয়াত গৱেষণা কৰে ।
ইয়াত ইমান ঠাণ্ডা কিয় হয় ?
এই ষ্টেচন সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩৫০০ মিটাৰ উচ্চতাত অৱস্থিত । উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে উষ্ণতাও কমি যায় । এন্টাৰ্কটিকা মেৰু অঞ্চলত অৱস্থিত, য’ত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ নপৰে । লগতে সমগ্ৰ এন্টাৰ্কটিকা মহাদেশত বৰফৰ ডাঠ চাদৰ আছে যিয়ে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰে । এই ষ্টেচনত বিজ্ঞানীসকলে বাস কৰে যদিও তেওঁলোকৰ বাবে জীয়াই থকাটো অতি কঠিন । এনে ঠাণ্ডাত জীয়াই থাকিব পৰাকৈ বিশেষ ধৰণৰ কাপোৰ-কানি আৰু সা-সঁজুলি ব্যৱহাৰ কৰিব লগা হয় ।
উল্লেখ্য যে ভষ্টক ষ্টেচন পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই আৰু ইয়াৰ উষ্ণতা ইমানেই কম যে এজন ব্যক্তি কেইমুহূৰ্তমানৰ ভিতৰতে ফ্ৰীজ হ’ব পাৰে । অৱশ্যে ইয়াত গৱেষণা কৰি বিজ্ঞানীসকলে পৃথিৱীৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰি আছে ।