ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ অৰাছনিক মিছাইল আক্ৰমণে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে । অৰাছনিক হৈছে মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল আৰু ৰাছিয়াই প্ৰথমবাৰৰ বাবে যুদ্ধত এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে । আক্ৰমণৰ এসপ্তাহৰ পাছতো এই ক্ষেপণাস্ত্ৰ চৰ্চাৰ বিষয় হৈয়েই আছে । বহু বিশেষজ্ঞই ৰাছিয়াৰ এই ক্ষেপণাস্ত্ৰক পশ্চিমীয়া অস্ত্ৰভাণ্ডাৰত উপস্থিত বেলিষ্টিক আৰু ক্ৰুজ মিছাইলৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ ফলত এই প্ৰশ্ন উত্থাপন হয় যে বেলিষ্টিক আৰু ক্ৰুজ মিছাইলৰ মাজত কি পাৰ্থক্য আৰু ইটোৱে সিটোৰ পৰা কিদৰে পৃথক । লগতে ইয়াৰ কোনটো বেছি বিপজ্জনক ।
আধুনিক যুদ্ধ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে ক্ষেপণাস্ত্ৰ বা মিছাইল । বেলিষ্টিক আৰু ক্ৰুজ মিছাইল (Ballistic and Cruise Missile) দুটা ভিন্ন প্ৰকাৰৰ, লগতে ইয়াৰ ডিজাইন, কাম কৰাৰ পদ্ধতি আৰু বিপদৰ মাত্ৰাও বেলেগ বেলেগ ।
প্ৰথমে জানক বেলিষ্টিক মিছাইলৰ কথা-
বেলিষ্টিক মিছাইলৰ কাম কৰাৰ ধৰণটো হ’ল যে ইয়াক উৎক্ষেপণৰ পিছত এই মিছাইল পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা বাহিৰলৈ ওলাই আহি এটা লক্ষ্যত আক্ৰমণ কৰে । বেলিষ্টিক মিছাইল বিশেষভাৱে মাধ্যাকৰ্ষণৰ নীতিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় । এই কাৰণেই বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ পিছত ই দ্ৰুতগতিত নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যায় ।
দীৰ্ঘ দূৰত্বত আক্ৰমণ কৰে-
বেলিষ্টিক মিছাইল দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয় । এই ক্ষেপণাস্ত্ৰসমূহে আন্তঃমহাদেশীয় ৰেঞ্জ (ICBM) লাভ কৰিব পাৰে, যি ৫৫০০ কিলোমিটাৰ বা তাতকৈ অধিক দূৰত্বলৈ যাব পাৰে ।
বেলিষ্টিক মিছাইল পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম-
ইয়াৰ উপৰিও বেলিষ্টিক মিছাইলৰ বিস্ফোৰক শক্তি অধিক আৰু ই নিজৰ লগত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈও সক্ষম ।
বেলিষ্টিক মিছাইল কিমান বিপজ্জনক ?
বিপদৰ মাত্ৰাৰ কথা ক’বলৈ গ’লে ই মিছাইলৰ ব্যৱহাৰ আৰু লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে যদিও কোৱা হয় যে বেলিষ্টিক মিছাইল অধিক বিপজ্জনক কাৰণ ই বহু দূৰৰ পৰা পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰে । ইয়াৰ উচ্চ গতি আৰু বহু উচ্চতাত উপনীত হোৱাৰ ক্ষমতাই ইয়াক বাধা দিবলৈ কঠিন কৰি তোলে ।
ক্ৰুজ মিছাইল কম উচ্চতাত উৰিব পাৰে-
যদি আমি ক্ৰুজ মিছাইলৰ কথা কওঁ, তেন্তে ইয়াৰ কামৰ ধৰণটো হ’ল এই মিছাইল বায়ুমণ্ডলৰ ভিতৰতে থাকি উৰি গৈ বিমানৰ দৰে লক্ষ্যত উপনীত হয় । ইয়াক মাটি, পানী বা বায়ুৰ পৰা নিক্ষেপ কৰিব পাৰি ।
ক্ৰুজ মিছাইল ৰাডাৰৰ পৰা বাচিব পাৰে-
ইয়াৰ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ইয়াক লক্ষ্যত অতি সঠিকভাৱে আঘাত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । ই মাটিৰ ওচৰেৰে অথবা কম উচ্চতাৰে উৰি যায়, যাৰ বাবে ৰাডাৰে ইয়াক ধৰা পেলাবলৈ কঠিন হৈ পৰে । ক্ৰুজ মিছাইলৰ গতিৰ কথা ক’বলৈ গ’লে ই ছাবছনিক বা ছুপাৰছ’নিক গতিৰে গতি কৰিব পাৰে ।
কম দূৰত্বত আক্ৰমণ কৰে-
কম দূৰত্ব আৰু নিখুঁত আক্ৰমণৰ বাবে ই ফলপ্ৰসূ । ই ৰাডাৰৰ পৰা বাচিবলৈ সক্ষম, যাৰ বাবে ই কোনো নিৰ্দিষ্ট লক্ষ্যক সঠিকভাৱে আক্ৰমণ কৰিব পাৰে ।
ক্ৰুজ ক্ষেপণাস্ত্ৰৰ নিখুঁত আক্ৰমণ-
ক্ৰুজ মিছাইল নিখুঁত আৰু কৌশলগত আক্ৰমণৰ বাবে বিপজ্জনক, বিশেষকৈ ইয়াৰ সহায়ত সামৰিক ঘাটি বা নিৰ্দিষ্ট লক্ষ্য ধ্বংস কৰিব পাৰি ।
কোন অধিক বিপজ্জনক-
দুয়োটা ক্ষেপণাস্ত্ৰ নিজস্বভাৱে বিপজ্জনক । বেলিষ্টিক মিছাইল গণধ্বংসী ৰূপ ধাৰণ কৰিবলৈ সক্ষম, আনহাতে ক্ৰুজ মিছাইল নিখুঁত আৰু লুকাই থকা আক্ৰমণৰ বাবে উপযোগী ।