তামিলনাডু আৰু পুডুচেৰীৰ বহু ঠাইত ফেংগাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিছে । ফেংগালৰ বাবে বহু অঞ্চলত ইতিমধ্যে প্ৰৱল বৰষুণ হৈছে । বতৰ বিজ্ঞান বিভাগেও ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । আনহাতে, চেন্নাই বিমানবন্দৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে, ফলত বিমান সেৱাও ক্ষতিগ্ৰস্ত হৈছে । সন্ধিয়া সাত বজালৈকে বিমানবন্দৰটো বন্ধ কৰি দিয়া হৈছে । ইয়াৰ বাবে যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে ।
ইতিমধ্যে ধুমুহাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হৈছে । প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । পৰিস্থিতি নিয়ন্ত্ৰণত থকাৰ বাবে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিৰীক্ষণ আৰম্ভ কৰিছে । যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহো মোতায়েন কৰা হৈছে ।
ফেংগালৰ বাবে চেন্নাইত বন্ধ কৰি দিয়া হৈছে স্কুল-কলেজ-শিক্ষানুষ্ঠান । পুডুচেৰীতো একে অৱস্থাৰ সৃষ্টি হৈছে । চেন্নাইত থকা লোকসকলক সাৱধানে থকাৰ আহ্বান জনাইছে চৰকাৰে । ইফালে দক্ষিণ ভাৰতলৈ বন্ধ কৰি দিয়া হৈছে বিমানসেৱা । বৰ্তমানলৈকে বাতিল কৰা হৈছে ২০খনকৈ বিমান । ধুমুহাৰ বাবে সাগৰৰ পাৰত সৃষ্টি হৈছে প্ৰচণ্ড ঢৌৰ । সাগৰৰ কাষলৈ নাযাবলৈ জনতাক সকিয়াই দিছে চৰকাৰে । এই দুৰ্যোগত সহায়ৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ । তামিলনাডুত থকা অসমৰ লোকসকলকো সতৰ্ক হৈ থকাৰ আহ্বান । আনহাতে ফেংগালৰ ফলত বাতিল হৈছে ৰে’লসেৱা ।