১৫০খন চহৰলৈ পোনপটীয়া বিমান…দিল্লীৰ IGI বিমানবন্দৰে গঢ়িলে নতুন অভিলেখ
দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৰ্থাৎ আই জি আই দেশৰ প্ৰথম আৰু একমাত্ৰ বিমানবন্দৰত পৰিণত হৈছে য’ৰ পৰা ১৫০খন চহৰলৈ প্ৰত্যক্ষ বিমান সেৱা আছে । এই চহৰখন দেশ আৰু বিশ্বৰ ১৫০ খন ভিন্ন চহৰৰ সৈতে সংযুক্ত হৈ আছে । ১৬ ডিচেম্বৰৰ পৰা নতুন দিল্লীৰ পৰা বেংকক-ডান মুয়াং বিমান সেৱা আৰম্ভ হোৱাৰ লগে লগে দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰৰ নামত এই অভিলেখ গঢ়ি উঠে ।
দিল্লীৰ আই জি আই বিমানবন্দৰৰ নামত নতুন অভিলেখ-
দিল্লী বিমানবন্দৰ ১৫০ টা গন্তব্যস্থানক সংযোগ কৰা ভাৰতৰ প্ৰথমটো বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে । শেহতীয়াকৈ থাই এয়াৰ এছিয়া এক্সে দিল্লী আৰু বেংকক-ডন মুয়াং (ডি এম কে)ৰ মাজত পোনপটীয়া বিমান সেৱাৰ শুভাৰম্ভ কৰে । এয়াৰবাছ এ৩৩০ বিমানেৰে পৰিচালিত এই পথটো প্ৰথমে সপ্তাহত দুবাৰকৈ চলাচল কৰিব ।
২০২৫ চনৰ জানুৱাৰী মাহৰ মাজভাগলৈকে ইয়াৰ ফ্ৰিকুৱেঞ্চি সপ্তাহত চাৰিবাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে । এই কৃতিত্বৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডায়েলৰ চি ই অ’ বিদেহ কুমাৰ জয়পুৰীয়াৰে কয় যে, “১৫০টা গন্তব্যস্থানক সংযোগ কৰাৰ এই মাইলৰ খুঁটি বিশ্বৰ সংযোগ বৃদ্ধি আৰু বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ । ভাৰতক বিমান পৰিবহণৰ এক নতুন যুগলৈ লৈ যোৱাৰ বাবে আমি গৌৰৱান্বিত আৰু সমগ্ৰ বিশ্বৰ ভ্ৰমণকাৰীৰ বাবে পছন্দৰ কেন্দ্ৰ হ’বলৈ উৎসৰ্গিত ।”