ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব । এইখন হ’ব দিবা-নৈশ টেষ্ট, যি গুলপীয়া বলৰ সৈতে খেলা হ’ব । ইফালে পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথম টেষ্টত ২৯৫ ৰানত জয়লাভ কৰি আত্মবিশ্বাসেৰে ভৰপূৰ ভাৰতীয় দল । আনহাতে, ঘৰুৱা খেলত পৰাজয়ৰ বাবে অষ্ট্ৰেলিয়াৰ দলটো অস্থিৰ হৈ পৰিছে । অৱশ্যে দিবা-নৈশ টেষ্টত বিষয়টো অলপ বেলেগ । অষ্ট্ৰেলিয়াৰ দলটোৱে এনে মেচত কঠোৰ প্ৰতিযোগিতা দিয়ে আৰু তেওঁলোকৰ অভিলেখো অতি উত্তম ।
ভাৰতে এই পৰ্যন্ত চাৰিখন দিবা-নৈশ টেষ্ট খেলিছে-
ভাৰতে এই পৰ্যন্ত চাৰিখন দিবা-নৈশ টেষ্ট খেলিছে । ইয়াৰে তিনিখনত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাজয়ৰ সন্মুখীন হৈছে দলটো । দিবা-নৈশ টেষ্টত ৭৫ শতাংশ খেলত জয়লাভ কৰিছে টিম ইণ্ডিয়াই । ভাৰতীয় দলটোৱে পৰাজয় হোৱা একমাত্ৰ টেষ্টখন চাৰি বছৰ পূৰ্বে এডিলেইডত অনুষ্ঠিত হৈছিল । ২০২০/২১ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ এয়া আছিল প্ৰথম টেষ্ট । বিৰাট কোহলীৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ৮ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
২০২০ চনত এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ খেলখনত কি হৈছিল ?
এডিলেইডত প্ৰথমে বেটিং কৰি ভাৰতে ২৪৪ ৰান সংগ্ৰহ কৰিছিল । চেটেশ্বৰ পূজাৰাই ৪৩ ৰান আৰু অজিংক্য ৰাহানেই ৪২ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ উত্তৰত অষ্ট্ৰেলিয়া প্ৰথম ইনিংছ ১৯১ ৰানত সীমাবদ্ধ আছিল । মাৰ্নাছ লাবুশ্বানে ৪৭ ৰান আৰু অধিনায়ক টিম পেইনে ৭৩ ৰান সংগ্ৰহ কৰিছিল । দ্বিতীয় ইনিংছত বিধ্বস্ত হৈ পৰা ভাৰতীয় দলটোৱে মাত্ৰ ৩৬ ৰানহে সংগ্ৰহ কৰে । টেষ্টত ভাৰতৰ এয়া সৰ্বনিম্ন স্কৰ । পৃথ্বী শ্ব’ৱে ৪ ৰান সংগ্ৰহ কৰি আউট হয়, মায়ংক আগৰৱালে ৯ ৰান, যশপ্ৰীত বুমৰাহ ২ ৰান, বিৰাট কোহলী ৪ ৰান, হনুমা বিহাৰীয়ে ৮ ৰান আৰু ঋদ্ধিমান সাহা ৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল ।
একে সময়তে পূজাৰা, ৰাহানে আৰু অশ্বিনে একাউণ্টো খুলিবলৈ সক্ষম নহল । কামিন্সে ৪টা আৰু হেজলউডে ৫টা উইকেট দখল কৰিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰি ভাৰতে ৯০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । মেচখনত অষ্ট্ৰেলিয়াই দুটা উইকেটত ৯৩ ৰান সংগ্ৰহ কৰি জয়লাভ কৰিছিল । মেথিউ ৱেডে ৩৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জো বাৰ্নছে ৫১ ৰানত অপৰাজিত হৈ আছিল ।
২০১৯ চনত ভাৰতে প্ৰথমখন দিবা-নৈশ টেষ্ট খেলিছিল-
২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে দিবা-নৈশ প্ৰথমখন টেষ্ট খেলি ভাৰতে ৪৬ ৰানত জয়লাভ কৰিছিল । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত ২০২০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পাছত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আহমেদাবাদত অনুষ্ঠিত হোৱা দিবা-নৈশ টেষ্টত ইংলেণ্ডক ১০ উইকেটত পৰাস্ত কৰাৰ পিছত ২০২২ চনৰ মাৰ্চ মাহত বেংগালুৰুত শ্ৰীলংকাক ২৩৮ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । দিবা-নৈশ টেষ্টত ভাৰতৰ সৰ্বোচ্চ স্কৰ হৈছে ৩৪৭/৯ । বাংলাদেশৰ বিৰুদ্ধে এই ৰান সংগ্ৰহ কৰিছিল টিম ইণ্ডিয়াই । একে সময়তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নূন্যতম স্ক’ৰ হৈছে ৩৬ ৰান । টিম ইণ্ডিয়াই ২০২০ চনত হোৱা পৰাজয় পাহৰি নতুন আৰম্ভণি কৰিব বিচাৰিব আৰু পাৰ্থৰ দৰে এডিলেইডতো জয়ী হ’বলৈ চেষ্টা কৰিব ।
দিবা-নৈশ টেষ্টত অষ্ট্ৰেলিয়াৰ পৰিসংখ্যা-
অষ্ট্ৰেলিয়াৰ বাবে চিন্তনীয় বিষয়টো হ’ল ২০২০ চনত বিধ্বংসী ৰূপ ধাৰণ কৰা হেজলউডে দ্বিতীয়খন টেষ্টত খেলিব নোৱাৰিব । তেওঁ আঘাতপ্ৰাপ্ত হৈছে । দিবা-নৈশ টেষ্টত অষ্ট্ৰেলিয়াৰ এক ব্যতিক্ৰমী অভিলেখ আছে । এতিয়ালৈকে ১২খন দিবা-নৈশ টেষ্ট খেলিছে, ইয়াৰে ১১খনত জয়লাভ কৰিছে, আনহাতে মাত্ৰ এখনতহে পৰাস্ত হৈছে । তেওঁলোকৰ অভিলেখক আৰু অধিক আকৰ্ষণীয় কৰি তোলা কথাটো হ’ল দলটোৰ জয়সমূহ বিভিন্ন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে আছে । ইয়াৰ ভিতৰত ভাৰত, ইংলেণ্ড, নিউজীলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ আদি অন্যতম । ২০১৫ চনত এডিলেইডত অনুষ্ঠিত হোৱা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ টেষ্টত অষ্ট্ৰেলিয়াই নিউজীলেণ্ডক তিনি উইকেটত পৰাস্ত কৰিছিল ।