এতিয়াৰে পৰা অষ্ট্ৰেলিয়াত পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে আৰু অধিক ধন খৰচ কৰিব লগা হ’ব । কাৰণ অষ্ট্ৰেলিয়াই ছাত্ৰ ভিছাৰ মাচুল ৭১০ অষ্ট্ৰেলিয়ান ডলাৰ (৩৮,৪০০ টকা)ৰ পৰা ১৬০০ ডলাৰ (৮৮ হাজাৰ টকা)লৈ বৃদ্ধি কৰিছে । ১ জুলাই, ২০২৪ৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে এই ধন দিব লাগিব । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত লিখিত উত্তৰত এই তথ্য প্ৰদান কৰিছে । পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি কৰা হৈছে মাচুল ।
ছাত্ৰ ভিছাৰ মাচুল বৃদ্ধিয়ে বহু ছাত্ৰ-ছাত্ৰীৰ বাবে অষ্ট্ৰেলিয়াত অধ্যয়ন কৰাটো কঠিন কৰি তুলিব পাৰে । ইতিমধ্যে বিশ্বৰ বহু দেশত ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছাৰ নিয়ম কটকটীয়া কৰা হৈছে । মাচুল বৃদ্ধিৰ প্ৰভাৱ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত দেখা যাব, যিসকলে বৃহৎ সংখ্যক অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যায় । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে কয় যে ছাত্ৰ ভিছাৰ মাচুল বৃদ্ধিৰ বিষয়টো অষ্ট্ৰেলিয়াৰ কৰ্তৃপক্ষৰ আগত উত্থাপন কৰা হৈছে । অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰা অন্যান্য উদ্বেগসমূহৰ বিষয়েও আলোচনা কৰা হৈছে ।
মাচুল বৃদ্ধিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওপৰত কি প্ৰভাৱ পৰিব ?
অষ্ট্ৰেলিয়া চৰকাৰে ছাত্ৰ ভিছাৰ মাচুল বৃদ্ধিৰ পদক্ষেপ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে এক ডাঙৰ আঘাততকৈ কম নহয় । ভাৰতীয়সকলে দীৰ্ঘদিন ধৰি অষ্ট্ৰেলিয়াক উচ্চ শিক্ষাৰ শীৰ্ষ গন্তব্যস্থান হিচাপে গণ্য কৰি আহিছে । ভিছা মাচুল ১২৬% বৃদ্ধিৰ ফলত বহিঃৰাষ্ট্ৰত অধ্যয়নৰ পৰিকল্পনা কৰা ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক বোজা বৃদ্ধি পাব । বিশেষকৈ মধ্যবিত্তীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায় । ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে টিউচন মাচুল, থকাৰ ব্যৱস্থা আৰু অন্যান্য খৰচৰ বাবে লাখ লাখ টকা খৰচ কৰিব লগা হৈছে ।
ছাত্ৰ ভিছাৰ মাচুল ৮৯০ অষ্ট্ৰেলিয়ান ডলাৰ বৃদ্ধি পোৱাৰ বাবে ইয়াত পঢ়াৰ খৰচো বৃদ্ধি পাব । ইয়াৰ বাবেই হয়তো বহু ছাত্ৰ-ছাত্ৰীয়ে এতিয়া অষ্ট্ৰেলিয়াত পঢ়াৰ কথা পুনৰ বিবেচনা কৰিব । যি সময়ত সমগ্ৰ বিশ্বতে জীৱন-যাপনৰ ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, সেই সময়ত ছাত্ৰ ভিছাৰ মাচুল বৃদ্ধি পাইছে । ইয়াৰ বাবেই বিদেশত পঢ়া-শুনা কৰাটো অতি কঠিন হৈ পৰিছে । নতুন সিদ্ধান্তৰ পিছত এতিয়া ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে অষ্ট্ৰেলিয়াত পঢ়াৰ পূৰ্বে বাজেট বৃদ্ধি কৰিব লাগি ব। ঋণ লৈ পঢ়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ অধিক দৃশ্যমান হ’ব ।