ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা ভালখবৰ। স্বাস্থ্য বিভাগত খালী হৈছে ২০৪৭ টা পদ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন।চিকিৎসা শিক্ষা সঞ্চালকালয়,অসমে প্ৰকাশ কৰিছে এই বিজ্ঞাপন।
গ্ৰেড-৩ টেকনিকেলত ১০৭০টা পদ খালী হৈছে আৰু ইয়াৰ দৰমহা ১৪ হাজাৰৰ পৰা ৬০ হাজাৰ টকা পৰ্যন্ত। গ্ৰেড-৩ ননটেকনিকেলত খালী হৈছে ৩২০ টা পদ , ইয়াৰ দৰমহা ১৪ হাজাৰৰ পৰা ৬০ হাজাৰ টকা পৰ্যন্ত।
আনহাতে গ্ৰেড-৪ৰ বাবে খালী হৈছে ৬৫৭ টা পদ আৰু ইয়াৰ দৰমহা হৈছে ১২হাজাৰৰ পৰা ৫২ হাজাৰ টকা পৰ্যন্ত। গ্ৰেড -৪ৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আৱেদন। ইয়াৰ বাবে প্ৰাৰ্থীৰ বয়স ২০২৪ চনৰ ১ জানুৱাৰীত সাপেক্ষে ১৮-৪০ বছৰ হ’ব লাগিব ।
অৱশ্যে OBC,MOBC শ্ৰেণীৰ বাবে ৩বছৰৰ আৰু ST,SC প্ৰাৰ্থীৰ বাবে ৫ বছৰ বয়সত ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে ৰেহাই হ’ব ১০ বছৰ।৯ ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব আবেদন। আবেদনৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰত নাম ভৰ্তি হৈ থকাটো বাধ্যতামূলক।