আজি সাংসদ হিচাপে শপত ললে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই। প্ৰথম বাৰৰ বাবে গান্ধী পৰিয়ালৰ তিনিজন সদস্যক একেলগে দেখা যাব সংসদত।ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ সৈতে সাংসদ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই।
২০০৪ ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাড আৰু ৰায়বৰেলীৰ পৰা জয়লাভ কৰিছিল।পিছত ৱায়ানাড লোকসভা আসন খালী কৰাৰ পিছত উপনিৰ্বাচনৰ প্ৰয়োজন হৈছিল।
কংগ্ৰেছে এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছিল। এই নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে চিপিআই(এম)ৰ প্ৰাৰ্থী সত্যন মোকেৰীক পৰাস্ত কৰি জয়লাভ কৰে।
৪,১০,৯৩১ টা ভোটৰ বৃহৎ অগ্ৰগতি লাভ কৰি ৱায়ানাড লোকসভা আসনত জয়লাভ কৰে প্ৰিয়ংকা গান্ধীয়ে। ফলাফলৰ পিছত আজি লোকসভাত শপত গ্ৰহণ কৰিলে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই।
প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে নান্দেদ লোকসভা সমষ্টিৰ কংগ্ৰেছ নেতা ৰবীন্দ্ৰ বসন্তৰাও চৱনেও আজি শপত গ্ৰহণ কৰিব।
জয়লাভ কৰিয়েই প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে – “মোৰ বাবে, এয়া কেৱল এক দস্তাবেজ নহয়, ই প্ৰেম, বিশ্বাস আৰু মূল্যবোধৰ প্ৰতীক যাৰ প্ৰতি আমি প্ৰতিশ্ৰুতিবদ্ধ”।