মুম্বাইৰ আন্ধেৰী অঞ্চলৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটা ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ এগৰাকী মহিলা পাইলট।
জানিব পৰা মতে সৃষ্টি তুলি নামৰ ২৫ বছৰীয়া পাইলট গৰাকীৰ মৃতদেহ আন্ধেৰীত থকা তেওঁৰ ফ্লেটত উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে সৃষ্টিৰ প্ৰেমিক আদিত্য পণ্ডিতে দীৰ্ঘদিনৰ পৰা কৰি আহিছিল দুৰ্ব্যৱহাৰ। ফোনত প্ৰায়েই দুয়োৰে মাজত হৈছিল কাজিয়া।
সেই অত্যাচাৰত অতিষ্ঠ হৈ আত্মহত্যা কৰিলে সৃষ্টিয়ে। তাৰ পিছতেই আৰক্ষীয়ে সৃষ্টিৰ প্ৰেমিক আজিত্য পণ্ডিতক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।