মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো, মহাযুতিৰ পৰা কোন মুখ্যমন্ত্ৰী হ’ব তাক লৈ বহু আলোচনা হৈছিল। ইফালে, একনাথ শিন্দেয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীত্বৰ দাবী প্ৰত্যাহাৰ কৰিছে একনাথ শিন্দেয়ে।
কৰিছে।বুধবাৰে থানেত এখন সংবাদমেল সম্বোধন কৰি শিন্দে কয়, “মই প্ৰধানমন্ত্ৰী মোডীক ফোন কৰিছিলো।তেওঁ কৈছিল যে আমাৰ মাজত কোনো মতভেদ নাই, আমাৰ মনত কোনো আঘাত নিদিব”।
“মই এটা পদৰ বাবে আকাংক্ষা নকৰো।আমি সকলোৱে এন ডি এৰ অংশ। তেওঁলোকে যি সিদ্ধান্ত লয় সেয়া মই গ্ৰহণ কৰিম ।যদি প্ৰধানমন্ত্ৰী গৰাকীয়ে বিজেপিৰ পৰা মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰে বা আন কাৰোবাৰ বাবে সিদ্ধান্ত লয়… সেই সিদ্ধান্ত আমাৰ বাবে গ্ৰহণযোগ্য হ’ব।”
সংবাদমেলত একনাথ চিন্দেয়ে কয়, “মই নিজকে মুখ্যমন্ত্ৰী হিচাপে নহয়, সাধাৰণ মানুহ হিচাপে গণ্য কৰো । বহু সংখ্যক মানুহে আমাক সমৰ্থন কৰিছিল।মহায়ুতিৰ বিজয় প্ৰকৃততে জনসাধাৰণৰ জয়”।
এক মহান বিজয়ৰ বাবে মই জনসাধাৰণক ধন্যবাদ জনাইছো।”” তেওঁ লগতে কয় যে শিন্দে কান্দি থকা সকলৰ দৰে নহয়, মই যুঁজ দিয়া সকলৰ মাজৰ এজন” ।
“মই মোৰ মৰমৰ ভগ্নীসকলৰ বাবে এজন যুঁজাৰু ভাতৃ।মই পলাতক নহয়, কিন্তু এজন সমাধানকৰ্তা। মই মহাৰাষ্ট্ৰৰ বাবে মোৰ শেষ নিশ্বাসলৈকে কাম কৰিম” ।
দৰাচলতে ফলাফল ওলোৱাৰ পিছতেই মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপি আৰু শিৱসেনাৰ মাজত বিবাদ হৈছিল। পিছে প্ৰধানমন্ত্ৰীৰ এটা ফোনৰ পিছতেই মান্তি হয় একনাথ শিন্দে। একনাথ শিন্দেৰ প্ৰত্যাহাৰৰ পিছতেই মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে দেৱেন্দ্ৰ ফাড়নাৱিছ।