৬ ডিচেম্বৰৰ পৰা এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট মেচত ভাৰতীয় বেটছমেন শুভমন গীলে যে খেলিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । পাৰ্থত খেলা প্ৰথমখন টেষ্ট মেচত বুঢ়া আঙুলিৰ আঘাতৰ বাবে গীল মূল একাদশৰ বাহিৰত আছিল । পাৰ্থ টেষ্টৰ পূৰ্বে ইন্ট্ৰা স্কোয়াড মেচত আঘাতপ্ৰাপ্ত হৈছিল তেওঁ । দ্বিতীয়খন টেষ্টৰ পূৰ্বে শনিবাৰৰ পৰা কেনবেৰাত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ একাদশৰ বিৰুদ্ধে অনুশীলন মেচ খেলিব ভাৰতীয় দলটোৱে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গীলৰ বাবে অনুশীলন মেচত খেলাটো কঠিন আৰু এডিলেইড টেষ্টত তেওঁৰ অন্তৰ্ভূক্তিক লৈ সন্দেহৰ সৃষ্টি হৈছে । গীলক কেইসপ্তাহমানৰ বাবে জিৰণি লোৱাৰ পৰামৰ্শ দিয়া হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে কিছু মেচৰ অনুশীলনৰ প্ৰয়োজন হ’ব । প্ৰতিবেদনত কোৱা হৈছে যে আঘাতৰ বাবে চিকিৎসা বিশেষজ্ঞই গীলক ১০ৰ পৰা ১৪ দিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে । ইয়াৰ বাবে তেওঁ অনুশীলন মেচখনো খেলিব নোৱাৰিব আৰু দ্বিতীয়খন টেষ্টতো গীলৰ বাবে খেলাটো কঠিন হৈ পৰিব । তেওঁৰ আঘাত কেতিয়া উপশম হয় সেয়া হ’ব লক্ষ্যণীয় । আঘাতৰ পৰা সুস্থ হোৱাৰ পিছত টেষ্ট মেচ খেলিবলৈ অনুশীলনৰ প্ৰয়োজন হ’ব তেওঁক ।
গীলে এতিয়াও নেটত বেটিং আৰম্ভ কৰা নাই-
গীলে এতিয়াও নেটত বেটিং অনুশীলন আৰম্ভ কৰা নাই । গীলে নেট প্ৰেকটিছ আৰম্ভ নকৰালৈকে দলৰ পৰিচালনা সমিতিয়ে তেওঁক বাছি লোৱাৰ ৰিস্ক নলব । যদি দ্বিতীয় টেষ্টৰ পূৰ্বে গীল ফিট হয়, তেন্তে ধ্ৰুৱ জুৰেল বাহিৰ হোৱাটো নিশ্চিত । দ্বিতীয়খন টেষ্ট আৰম্ভ হ’বলৈ এতিয়াও সময় আছে আৰু গীলৰ আঘাত কিমান ভাল হৈছে সেয়া অনাগত দিনত লক্ষ্যণীয় হব ।
ৰোহিত ঘূৰি আহিব-
নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই পাৰ্থত খেলা প্ৰথমখন টেষ্ট মেচত খেলা নাছিল । এতিয়া ভাৰতীয় দলত পুনৰ যোগদান কৰিছে ৰোহিতে আৰু ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট মেচত দলটোৰ অধিনায়ক হিচাপে থাকিব । ৰোহিতৰ অনুপস্থিতিত কে এল ৰাহুলে যশস্বীৰ সৈতে ইনিংছ আৰম্ভ কৰিছিল যদিও এতিয়া ৰোহিতৰ উভতি অহাৰ পিছতো ৰাহুলে অ’পেনিং কৰি যাব নেকি সেয়া জানিবলৈ কিছুদিন অপেক্ষা লাগিব । ৰোহিত বা ৰাহুলে তিনি নম্বৰত বেটিং কৰিব নে নাই সেয়াও নিৰ্ভৰ কৰিব শুভমন গীল ফিট নে নহয় তাৰ ওপৰত । যদি গীল মেচখনৰ বাবে ফিট নহয়, তেন্তে এই মেচত ৰাহুল বা ৰোহিতে তিনি নম্বৰত খেলিব ।