বাংলাদেশত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বাংলাদেশৰ উচ্চায়ুক্তৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । তদুপৰি আগলৈ তেওঁ উচ্চায়ুক্তক সাক্ষাৎ কৰিব । বাংলাদেশত ইস্কন মন্দিৰৰ মুৰব্বী চিন্ময়ক গ্ৰেপ্তাৰ কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বাংলাদেশী বিষয়াগৰাকীৰ সৈতে বাৰ্তালাপ কৰি স্পষ্ট কৰি দিয়ে যে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ ভাৰত তীব্ৰ বিৰোধী । আজি কলিকতাত বিজেপি নেতাসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবী জনায় ।
উল্লেখ্য যে বাংলাদেশ সনাতন জাগৰণ মঞ্চৰ মুখপাত্ৰ তথা চট্টগ্ৰামৰ পুণ্ডাৰিক ধামৰ মুৰব্বী চিন্ময় কৃষ্ণ দাস ‘ব্ৰহ্মচাৰী’ৰ জামিন আৱেদন মঙলবাৰে স্থানীয় আদালতে নাকচ কৰি তেওঁক জেললৈ প্ৰেৰণ কৰে । ভাৰত চৰকাৰে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে । ইস্কনে ভাৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি বাংলাদেশ চৰকাৰৰ সৈতে কথা পাতিবলৈ আহ্বান জনাইছে ।
চট্টগ্ৰামত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ-
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা ৩১ অক্টোবৰত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত কটকটীয়া নিৰাপত্তাৰ মাজতে দাসক চট্টগ্ৰামৰ ষষ্ঠ মহানগৰ দণ্ডাধীশ কাজী শ্বৰীফুল ইছলামৰ সন্মুখত হাজিৰ কৰা হৈছিল । ইয়াৰ পূৰ্বে ঢাকা মহানগৰ আৰক্ষীৰ ডিটেক্টিভ ব্ৰাঞ্চে (ডি এম পি) দাসক চট্টগ্ৰাম মহানগৰ আৰক্ষীক চমজাই দিয়ে ।
ভাৰত চৰকাৰে এই বিষয়ত দিছে প্ৰতিক্ৰিয়া-
ইফালে মঙলবাৰে (২৬ অক্টোবৰ) এই বিষয়ত ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া দিয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, ‘আমি চিন্ময় কৃষ্ণ দাস, যি ‘বাংলাদেশ সমিতি সনাতন জাগৰণ জোট’ৰ মুখপাত্ৰ । তেওঁক গ্ৰেপ্তাৰ আৰু জামিন অস্বীকাৰ কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছো ।‘ বিবৃতিটোত কোৱা হৈছে যে বাংলাদেশত চৰমপন্থী উপাদানৰ দ্বাৰা হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলোৱাৰ পিছত এই ঘটনা সংঘটিত হৈছে । সংখ্যালঘুৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ আৰু লুণ্ঠনৰ লগতে চুৰি, ভঙা-ছিঙা, দেৱতা আৰু মন্দিৰ অপবিত্ৰকৰণৰ বহু গোচৰ ৰুজু হৈছে । এইটো এটা গুৰুতৰ বিষয় ।