আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে নিজৰ টীম গঠনত অহৰহ ব্যস্ত হৈ আছে । নতুন কাৰ্যকালৰ পূৰ্বে ট্ৰাম্পৰ ভাৰতীয়ৰ ওপৰত আস্থা বাঢ়িছে আৰু তেওঁ নিজৰ চৰকাৰত ভাৰতীয় মূলৰ বহু লোকক অন্তৰ্ভুক্ত কৰিছে । এতিয়া ট্ৰাম্পে কলকাতাত জন্মগ্ৰহণ কৰা জয় ভট্টাচাৰ্যক ডাঙৰ দায়িত্ব দি দেশৰ অন্যতম শীৰ্ষ স্বাস্থ্য গৱেষণা আৰু পুঁজিৰ প্ৰতিষ্ঠান নেচনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ)ৰ সঞ্চালক হিচাপে মনোনীত কৰিছে । ট্ৰাম্প ৱাৰ ৰুমে এই তথ্য টুইটাৰত দিছে, যাক জয় ভট্টাচাৰ্যই ৰিটুইট কৰিছে ।
জয় ভট্টাচাৰ্য প্ৰথম ভাৰতীয়-আমেৰিকান-
ইয়াৰ লগে লগে, জয় ভট্টাচাৰ্য শীৰ্ষ প্ৰশাসনিক পদৰ বাবে ডনাল্ড ট্ৰাম্পৰ দ্বাৰা মনোনীত হোৱা প্ৰথম ভাৰতীয়-আমেৰিকান হৈ পৰিছে । পূৰ্বে, ট্ৰাম্পে টেছলাৰ মালিক এলন মাস্কৰ সৈতে নৱগঠিত চৰকাৰী দক্ষতা বিভাগৰ নেতৃত্ব দিবলৈ ভাৰতীয়-আমেৰিকান বিবেক ৰামাস্বামীক বাছনি কৰিছিল । এইটো এটা স্বেচ্ছামূলক স্থিতি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ পৰা নিশ্চিতিৰ প্ৰয়োজন নাই ।
জয় ভট্টাচাৰ্য কোন ?
জয় ভট্টাচাৰ্যৰ জন্ম ১৯৬৮ চনত কলকাতাত হৈছিল আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত এম ডি আৰু পি এইচ ডি লাভ কৰিছে তেওঁ । জয় ভট্টাচাৰ্য ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ঔষধ, অৰ্থনীতি আৰু স্বাস্থ্য গৱেষণা নীতিৰ এজন আমেৰিকান অধ্যাপক । তেওঁ ষ্টেনফৰ্ডৰ চেণ্টাৰ ফৰ ডেমোগ্ৰাফী এণ্ড ইকনমিক্স অৱ হেল্থ এণ্ড এজিংৰ সঞ্চালক । তেওঁৰ গৱেষণাই স্বাস্থ্যসেৱাৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
কৰ’না মহামাৰীৰ সময়ত আহিছিলল –
২০২০ আৰু ২০২১ বৰ্ষত, যেতিয়া আমেৰিকাকে ধৰি বিশ্বজুৰি কৰ’না মহামাৰীয়ে ধ্বংসযজ্ঞ চলাইছিল, লকডাউন আৰোপ কৰা হৈছিল, সেই সময়ত, জয় ভট্টাচাৰ্যই লকডাউনৰ বিৰোধিতা কৰিছিল । যেতিয়া তেওঁ কোভিড-১৯ মহামাৰীৰ সময়ত বৃহৎ লকডাউনৰ মুকলি বিৰোধিতা কৰিছিল তেতিয়া তেওঁ মনোযোগ আকৰ্ষণ কৰিছিল ।