সংসদৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনা পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যবিধি । এই সময়ছোৱাত বিৰোধীৰ হুলস্থুলৰ বাবে বুধবাৰৰ পৰা আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে লোকসভাৰ কাম-কাজ স্থগিত ৰখা হয় ।
দৰাচলতে প্ৰশ্নকালত বিৰোধীৰ বিপুল হুলস্থুলেৰে লোকসভাৰ কাৰ্য্যবিধি আৰম্ভ হৈছিল । যেতিয়া মীৰাটৰ বিজেপিৰ সাংসদ অৰুণ গোভিলে প্ৰশ্ন কৰিবলৈ উঠে, তেতিয়া বিৰোধীয়ে শ্ল’গান দিবলৈ আৰম্ভ কৰে । এই সময়ত অধ্যক্ষ ওম বিৰলাই সাংসদসকলক শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় । বিৰোধীয়ে যেতিয়া হুলস্থুলৰ সৃষ্টি কৰি থাকিল, তেতিয়া অধ্যক্ষই সদনৰ কাৰ্যসূচী দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰাখে ।
সংবিধান সন্দৰ্ভত ২ দিনীয়া বিতৰ্কৰ দাবী ৰাহুল গান্ধীৰ-
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সদনত সংবিধান সন্দৰ্ভত দুদিনীয়া বিতৰ্কৰ আহ্বান জনাইছে । ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেও উচ্চ সদনতো একেটা দাবী উত্থাপন কৰিছে । ইয়াৰ পূৰ্বে, প্ৰাক্তন এটৰ্নি জেনেৰেল আৰু জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীৰ বক্তব্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, “আমি আজি নিয়ম ২৬৭ ৰ অধীনত প্ৰশ্ন উত্থাপন কৰিছো, যাৰ পিছত আমি আপোনালোকক অৱগত কৰিম ।”