উত্তৰ প্ৰদেশৰ কনৌজ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে । আনহাতে এজন আহত হৈছে । গাড়ীখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ডিভাইডাৰ ভাঙি পথৰ সিটো পাৰে ট্ৰাকত খুন্দা মাৰে । এই দুৰ্ঘটনাত ছেফই মেডিকেল ইউনিভাৰ্চিটিৰ ৫ গৰাকী চিকিৎসকৰ কৰুণ মৃত্যু হয় ।
তথ্য অনুসৰি, আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত পুৱা প্ৰায় ৩:৩০ বজাত এটা দুৰ্ঘটনা সংঘটিত হয় । ছেফই চিকিৎসা বিশ্ববিদ্যালয়ৰ পাঁচজন চিকিৎসকে এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই । নিহত আটাইকেইজন চিকিৎসক বিবাহ অনুষ্ঠানৰ পৰা লক্ষ্ণৌলৈ উভতি আহিছিল ।
খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । স্কৰপিঅ বাহনখন আগ্ৰা অভিমুখে গৈ আছিল আৰু চালকজন টোপনি যোৱাৰ বাবে, গাড়ীখন ডিভাইডাৰৰ ভাঙি পথৰ সিটো পাৰে যোৱাত এই দুৰ্ঘটনা সংঘটিত হয় ।
আহতক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । মৰ্গত ৰখা হৈছে মৃতদেহ । জানিব পৰা মতে নিহত আটাইকেইজন চিকিৎসক আৰু ছেফই চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ কৰি আছিল । চিকিৎসা মহাবিদ্যালয়ৰ চি এম এছ ডাঃ দিলীপ সিঙে কয় যে সকলোৰে পৰিয়ালক অৱগত কৰা হৈছে । দুৰ্ঘটনাটোত গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দে কয় যে তিৰৱা আৰক্ষীক দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।