চলিত বিত্তীয় বৰ্ষৰ (২০২৫ বিত্তীয় বৰ্ষৰ) প্ৰথমাৰ্ধ (২০২৪ চনৰ এপ্ৰিল-ছেপ্টেম্বৰ)ৰ তুলনাত তৃতীয় ত্ৰৈমাসিকত (অক্টোবৰ-ডিচেম্বৰ ২০২৪) ভাৰতৰ অৰ্থনীতি অধিক দ্ৰুতগতিত বৃদ্ধি পাব বুলি আশা কৰা হৈছে । ইয়াৰ কাৰণ হ’ল অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ ইতিবাচক লক্ষণ । এই তথ্য আই চি আৰ এৰ প্ৰতিবেদনত দিয়া হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে নৱেম্বৰৰ প্ৰাথমিক তথ্যই ইতিবাচক সংকেত দিছে । বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে । একে সময়তে উৎসৱৰ বতৰত চাহিদা বৃদ্ধিৰ বাবে যান-বাহনৰ পঞ্জীয়নো বৃদ্ধি পাইছে । প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই ধাৰাসমূহলৈ চাই আই চি আৰ এয়ে বিশ্বাস কৰে যে ২০২৫ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধতকৈ অধিক হ’ব ।
ইয়াৰ উপৰিও দুচকীয়া বাহনৰ উৎপাদন ১৩.৪ শতাংশ বৃদ্ধি পাইছে । ৰে’ল মালবাহী যাতায়তৰ ক্ষেত্ৰত ১.৫ শতাংশ উন্নতি হৈছে । একে সময়তে ডিজেলৰ ব্যৱহাৰ ০.১ শতাংশ সামান্যভাৱে বৃদ্ধি পাইছে । ছেপ্টেম্বৰ মাহত ডিজেলৰ ব্যৱহাৰ ১.৯ শতাংশ হ্ৰাস পাইছে ।
প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ অতৈল ৰপ্তানি বাৰ্ষিক ভিত্তিত ২৫.৬ শতাংশ বৃদ্ধি পাইছে । একে সময়তে ছেপ্টেম্বৰ মাহত ৬.৮ শতাংশ আছিল এই বৃদ্ধিৰ মূল অৱদান হৈছে ইলেক্ট্ৰনিক সামগ্ৰী, অভিযান্ত্ৰিক সামগ্ৰী, ৰাসায়নিক সামগ্ৰী আৰু ৰেডিমেড কাপোৰ আদি ।
অনাগত সময়ত জিডিপি বৃদ্ধিৰ হাৰ শক্তিশালী হ’ব-
প্ৰতিবেদনত আৰু কোৱা হৈছে যে অৰ্থনৈতিক কাৰ্যকলাপৰ সংমিশ্ৰিত সূচক আই চি আৰ এৰ বিজনেছ এক্টিভিটি মনিটৰে ২০২৪ চনৰ অক্টোবৰ মাহত বাৰ্ষিক ভিত্তিত ১০.১ শতাংশ বৃদ্ধি দেখুৱাইছে, যিটো আঠ মাহৰ ভিতৰত সৰ্বাধিক । উচ্চ ভিত্তিৰ প্ৰত্যাহ্বানৰ মাজতো ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ৰেকৰ্ড কৰা ৬.৬ শতাংশ বৃদ্ধিতকৈ ই অধিক । প্ৰতিবেদন অনুসৰি, ধাৰাসমূহে দেখুৱাইছে যে আগন্তুক সময়ত জিডিপি বৃদ্ধিৰ হাৰ শক্তিশালী হৈ থাকিব ।