মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ সৃষ্টি হৈছে উৎকণ্ঠাৰ । পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবে এতিয়াও অনুমোদন হোৱা নাই কোনো নেতাৰ নাম । ইয়াৰ মাজতে একনাথ শিণ্ডেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে । মুম্বাইৰ ৰাজভৱনত একনাথ শিণ্ডেই ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ হাতত দাখিল পদত্যাগ পত্ৰ । এই সময়চোৱাত তেওঁৰ সৈতে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু দেৱেন্দ্ৰ ফাড়নবিছো উপস্থিত থাকে । অৱশ্যে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নিৰ্বাচত হোৱালৈ একনাথ শিণ্ডেই ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিব । আচলতে মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল আজি শেষ হৈছে ।
দেৱেন্দ্ৰ ফাড়নবিছে দায়িত্ব লাভ কৰিব !
সংবাদ মাধ্যমৰ খবৰ অনুসৰি গ্ৰেণ্ড এলায়েন্সত মুখ্যমন্ত্ৰীৰ পদ বিজেপিক দিয়াৰ চুক্তি কৰা হৈছে আৰু দেৱেন্দ্ৰ ফাড়নবিছে এই দায়িত্ব বিজেপিৰ পৰা লাভ কৰিব পাৰে । ইয়াৰ উপৰিও শিৱসেনা আৰু এন চি পি ফৈদৰ পৰা এজনকৈ উপ-মুখ্যমন্ত্ৰী থাকিব । বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপি আৰু শিৱসেনাৰ মাজত চৰ্চা তথা উত্তেজনা চলি আছে । প্ৰকৃততে শিৱসেনাই একনাথ শিণ্ডেক মুখ্যমন্ত্ৰীৰ পদ দিবলৈ দাবী জনাইছে । বিজেপিয়ে অধিক আসন লাভ কৰাৰ পিছতো নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া বিহাৰৰ সূত্ৰ মহাৰাষ্ট্ৰটো কাৰ্যকৰী কৰাৰ দাবী জনাইছে শিৱসেনাই । শিৱসেনাৰ সাতজন সাংসদেও প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ইয়াক শিৱসেনাই এক চাপৰ ৰাজনীতি প্ৰয়োগ কৰা দেখা গৈছে ।
৩০ নৱেম্বৰত ঘোষণা হ’ব পাৰে মুখ্যমন্ত্ৰীৰ নাম-
সংবাদ মাধ্যমৰ আগত শিৱসেনাৰ বিধায়ক তথা দলৰ মুখপাত্ৰ সঞ্জয় পাণ্ডুৰাং শিৰছাটে দাবী কৰিছে যে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা হ’ব ৩০ নৱেম্বৰ অৰ্থাৎ শনিবাৰে । পূৰ্বে মঙলবাৰে সন্ধিয়াৰ ভিতৰতহে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা যাব বুলি খবৰ ওলাইছিল যদিও এতিয়া শিৱসেনাৰ বিধায়কৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰীৰ পদৰ দাবীক লৈ মহাযুটীত উত্তেজনা চলি আছে । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি একনাথ শিণ্ডে যদি মুখ্যমন্ত্ৰী নহয় তেন্তে তেওঁ উপ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ নকৰে আৰু তেওঁৰ ঠাইত দলৰ যিকোনো নেতাক উপ মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’ব । নতুন চৰকাৰৰ শপতগ্ৰহণ কেতিয়া মহাৰাষ্ট্ৰত হ’ব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই ।
এনেধৰণৰ আছিল ফলাফল-
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী মিত্ৰজোঁটে ৰাজ্যখনৰ ২৮৮খন আসনৰ ভিতৰত ২৩৪খন আসন দখল কৰি বৃহৎ জয়লাভ কৰে । ইয়াৰে বিজেপিয়ে সৰ্বাধিক ১৩২খন, শিৱসেনাই ৫৭খন আৰু এন চি পিয়ে ৪১খন আসন লাভ কৰিছে ।