আই পি এল ২০২৫ ৰ নিলামৰ উত্তেজনা ভাৰতত বিয়পি পৰিছে । ২৪ নৱেম্বৰৰ প্ৰথম দিনটোত চৌদি আৰৱৰ জেদ্দাত দুগুণ ৰোমাঞ্চ দেখা গৈছিল । বহুতো খেলুৱৈয়ে ধনৰ বৰষুণ দেখিছিল, ঋষভ পন্ট আৰু শ্ৰেয়াছ আয়াৰ শীৰ্ষ স্থানত আছিল । দুয়োজন খেলুৱৈয়ে সকলো নিলামৰ ৰেকৰ্ড ভংগ কৰিছিল । প্ৰতিটো নিলামতে ক্ৰমান্বয়ে ব্যয়বহুল খেলুৱৈ থাকে । আই পি এল ইতিহাসৰ ১০ জন আটাইতকৈ ব্যয়বহুল খেলুৱৈৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ।
ঋষভ পন্ট-
আই পি এল ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে প্ৰমাণিত হ’ল টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন ঋষভ পন্ট । ২৪ নৱেম্বৰত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ মেগা নিলামত পন্টক লৈ অভিলেখ ভংগকাৰী দৰদাম কৰিছিল লক্ষ্ণৌ দলে । লক্ষ্ণৌৱে ২৭ কোটি টকাৰ মূল্যত তেওঁলোকৰ দলৰ অংশ কৰি তুলিলে পন্টক ।
শ্ৰেয়াছ আয়াৰ-
আই পি এল ২০২৫ৰ নিলামৰ পূৰ্বে কে কে আৰ দলে মুকলি কৰি দিলিছিল আই পি এল ২০২৪ চেম্পিয়ন অধিনায়ক শ্ৰেয়াছ আয়াৰক । কিন্তু নিলামত প্ৰৱেশ কৰাৰ লগে লগে দলসমূহৰ মাজত তেওঁক লৈ প্ৰতিযোগিতা আৰম্ভ হয় । অৱশেষত ২৬.৭৫ কোটি টকাৰ বিনিময়ত পঞ্জাৱ কিংছে তেওঁলোকৰ শিবিৰত অন্তৰ্ভুক্ত কৰে আয়ৰক । আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে প্ৰমাণিত হয় শ্ৰেয়াছ ।
মিচেল ষ্টাৰ্ক-
আই পি এল ২০২৫ ৰ মেগা নিলামৰ পূৰ্বে আটাইতকৈ ব্যয়বহুল খেলুৱৈৰ খিতাপ অষ্ট্ৰেলিয়াৰ দ্ৰুত বলাৰ মিচেল ষ্টাৰ্কৰ আছিল । ষ্টাৰ্কক কে কে আৰে যোৱা ছিজনৰ নিলামত ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল ।
ভেংকটেশ আয়াৰ-
কেৱল পন্ট আৰু শ্ৰেয়াছেই নহয়, আই পি এল ২০২৫ৰ নিলামত বহু চৰ্চিত এটা নাম আছিল ভেংকটেশ আয়াৰ । অল ৰাউণ্ডাৰৰ প্ৰভাৱৰ বাবে তেওঁৰ দাম আকাশলংঘী হয় । কে কে আৰে ২৩.৭৫ কোটি টকা ব্যয় কৰি ভেংকটেশ আয়াৰক দললৈ ঘূৰাই আনিবলৈ সক্ষম হয় ।
হেনৰিক ক্লাচেন-
হায়দৰাবাদৰ বিস্ফোৰক বেটছমেন হেনৰিক ক্লাচেনৰ ওপৰতো দলে ধনৰ বৰষুণ পেলায় । তেওঁক ২৩ কোটি টকাৰ বিনিময়ত আই পি এল ২০২৫ৰ বাবে হায়দৰাবাদে ধৰি ৰাখিছে ।
নিকোলাছ পুৰাণ-
লক্ষ্ণৌৱে নিজৰ দলৰ তাৰকা বেটছমেন নিকোলাছ পুৰাণৰ বাবেও ডাঙৰ চুক্তি কৰিলে । আই পি এল ২০২৫ৰ বাবে ২১ কোটি টকাৰ বিনিময়ত লক্ষ্ণৌয়ে পুৰানক ধৰি ৰাখিছে ।
বিৰাট কোহলী-
আই পি এল ২০২৫ৰ বাবে আৰ চি বিয়েও তাৰকা বেটছমেন বিৰাট কোহলীক ধৰি ৰাখিছে । ইয়াৰ বাবে আৰ চি বিয়ে ২১ কোটি টকাৰ বিনিময়ত বিৰাটক ৰিটেইন কৰিছে ।
পেট কামিন্স-
আই পি এল ২০২৪ৰ মিনি নিলামত অষ্ট্ৰেলিয়াৰ ভয়ংকৰ বলাৰ পেট কামিন্সক হায়দৰাবাদ দলে ক্ৰয় কৰে । যোৱা নিলামত হায়দৰাবাদৰ দলে তেওঁক ২০.৫০ কোটি টকাত ক্ৰয় কৰিছিল ।
ছেম কাৰাণ-
২০২৩ চনত পঞ্জাব কিংছে ইংৰাজ অলৰাউণ্ডাৰ ছেম কাৰানক নিজৰ শিবিৰত অন্তৰ্ভুক্ত কৰিছিল । ইয়াৰ বাবে পঞ্জাবে ১৮.৫০ কোটি টকা ব্যয় কৰিছিল ।
অৰ্শদীপ সিং-
ফাষ্ট বলাৰ অৰ্শদীপ সিঙে আই পি এল ২০২৫ৰ নিলামত প্ৰৱেশ কৰিছিল । পঞ্জাব কিংছে তেওঁক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল । কিন্তু মেগা নিলামত আৰ টি এমৰ অধীনত তেওঁক পুনৰ নিজৰ দললৈ মাতি অনা হয় । এই সময়ছোৱাত অৰ্শদীপে লাভ কৰে ১৮ কোটি টকা ।