উচ্চতম ন্যায়ালয়ে সোমবাৰে (২৫ নৱেম্বৰ, ২০২৪) এক ঐতিহাসিক ৰায় প্ৰদান কৰে । ১৯৭৬ চনত গৃহীত ৪২ সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “সমাজতান্ত্ৰিক” আৰু “ধৰ্মনিৰপেক্ষ” শব্দ অন্তৰ্ভুক্ত কৰাক প্ৰত্যাহ্বান জনোৱা আৱেদন ন্যায়ালয়ে খাৰিজ কৰে ।
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে কয় যে সংসদৰ সংশোধনী ক্ষমতা প্ৰস্তাৱনালৈকে বিস্তৃত । প্ৰস্তাৱনা গ্ৰহণৰ তাৰিখে প্ৰস্তাৱনা সংশোধনৰ সংসদৰ ক্ষমতাক সীমিত নকৰে । এই ভিত্তিতে আবেদনকাৰীৰ যুক্তি নাকচ কৰা হয় । শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয় যে ইমান বছৰ হৈ যোৱাৰ পিছত, এতিয়া এই বিষয়টো কিয় উত্থাপন কৰা হৈছে ।
২২ নৱেম্বৰত এই আদেশ সুংৰক্ষিত ৰখা হৈছিল-
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিচাৰপীঠে আবেদনকাৰীয়ে গোচৰটো বৃহৎ বিচাৰপীঠলৈ পঠিয়াবলৈ কৰা আবেদন নাকচ কৰিছিল । অৱশ্যে একাংশ অধিবক্তাৰ বাধাত বিৰক্ত হৈ মুখ্য ন্যায়াধীশ খান্নাই এই নিৰ্দেশ ঘোষণা কৰিবলৈ ওলাইছিল যদিও সোমবাৰে তেওঁ এই নিৰ্দেশ ঘোষণা কৰিব বুলি কয় ।
২২ নৱেম্বৰত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ খান্নাই কয়, ‘ভাৰতীয় অৰ্থত সমাজবাদী হোৱাটো কেৱল কল্যাণকামী ৰাষ্ট্ৰ হিচাপেহে বুজা যায় । ভাৰতৰ সমাজবাদক বুজাৰ ধৰণ আন দেশৰ তুলনাত বহুত বেলেগ । আমাৰ প্ৰেক্ষাপটত সমাজবাদৰ অৰ্থ মূলতঃ কল্যাণকামী ৰাষ্ট্ৰ…এয়াই সকলো । ইয়াৰ ফলত ব্যক্তিগত খণ্ডক কেতিয়াও ৰখাব পৰা নাই । ইয়াৰ পৰা আমি সকলোৱে লাভৱান হৈছো । সমাজবাদ শব্দটো বেলেগ প্ৰসংগত ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ ৰাষ্ট্ৰখন এখন কল্যাণকামী ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে থিয় দিব লাগে আৰু সম সুযোগ প্ৰদান কৰিব লাগে ।”
অধিবক্তা জৈনে এই আপত্তি প্ৰকাশ কৰিছিল-
মুখ্য ন্যায়াধীশ খান্নাই আৰু কয় যে এছ আৰ বোমাই গোচৰত “ধৰ্মনিৰপেক্ষতা”ক সংবিধানৰ মৌলিক গাঁথনিৰ এটা অংশ হিচাপে গণ্য কৰা হৈছে । ইয়াৰ প্ৰতি অধিবক্তা জৈনে কয় যে সংশোধনী ৰাইজৰ কথা নুশুনাকৈ গৃহীত কৰা হৈছে, কিয়নো জৰুৰীকালীন অৱস্থাত এই সংশোধনী গৃহীত কৰা হৈছিল আৰু এই শব্দসমূহ অন্তৰ্ভুক্ত কৰাটো মানুহক কিছুমান মতাদৰ্শ অনুসৰণ কৰিবলৈ বাধ্য কৰাৰ সমান হ’ব । যেতিয়া প্ৰস্তাৱনাত কাট অফ ডেট থাকে তেতিয়া পিছত শব্দ কেনেকৈ যোগ কৰিব পাৰি । জৈনে আৰু কয় যে এই বিষয়ত বিশদ শুনানিৰ প্ৰয়োজন আছে । তেওঁ যুক্তি আগবঢ়ায় যে বিষয়টো বৃহৎ বিচাৰপীঠে বিবেচনা কৰিব লাগে । ইয়াৰ পিছত মুখ্য ন্যায়াধীশে এই যুক্তি স্পষ্টভাৱে নাকচ কৰে ।