ভাৰতে পাৰ্থত এক উল্লেখযোগ্য বিজয় সাব্যস্ত কৰিছে । ১৬ বছৰৰ পিছত পাৰ্থত টেষ্টত প্ৰথম জয় চিহ্নিত কৰে ভাৰতীয় দলে । উল্লেখযোগ্য যে পাঁচজন খেলুৱৈয়ে এই ঐতিহাসিক জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু খেলখন ভাৰতৰ পক্ষত আনিছিল । ভাৰতে পাৰ্থ টেষ্ট মেচখন ২৯৫ ৰাণত জয়লাভ কৰিছে । অষ্ট্ৰেলিয়াক ভাৰতে ৫৩৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । কিন্তু অষ্ট্ৰেলিয়াৰ দলটোৱে তেওঁলোকৰ দ্বিতীয় ইনিংছত ২৩৮ ৰাণতে আটাইকে্ইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে । উল্লেখ্য যে অষ্ট্ৰেলিয়াত ৰাণৰ ব্যৱধানত এয়া ভাৰতৰ সৰ্ববৃহৎ বিজয় ।
যশপ্ৰীত বুমৰাহ-
এই টেষ্ট মেচখনত যশপ্ৰীত বুমৰাহে বিধ্বংসী বলিঙেৰে ৮টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিঙ মেৰুদণ্ড ভাঙি পেলায় । অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত বুমৰাহে ৫টা উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত তিনিটা উইকেট দখল কৰি কেংগাৰুৰ বেটছমেনক পেভিলিয়নৰ বাট দেখুৱাই ।
যশস্বী জয়ছোৱালৰ ঐতিহাসিক ইনিংছ-
ভাৰতৰ দ্বিতীয় ইনিংছত যশস্বী জয়ছৱালে ১৬১ ৰানৰ ইনিংছ খেলি খেলখন সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষলৈ আনে । প্ৰথম ইনিংছত জয়ছোৱাল যেতিয়া শূণ্য ৰানত আউট হৈছিল তেতিয়া অনুৰাগীসকল হতাশ হৈছিল আৰু জয়ছোৱালে অষ্ট্ৰেলিয়াত প্ৰদৰ্শন কৰিব পাৰিবনে নাই সেই বিষয়ে চৰ্চা চলিছিল । কিন্তু যুৱ বেটছমেনগৰাকীয়ে শতকীয় ইনিংছ খেলি আৰু অষ্ট্ৰেলিয়াৰ ডাঙৰ ডাঙৰ বলাৰৰ বিৰুদ্ধে শক্তিশালী বেটিং কৰি বিশ্ব ক্ৰিকেটক আচৰিত কৰি তোলে ।
বিৰাট কোহলীৰ শতকীয় ইনিংছ-
দীৰ্ঘদিন ধৰি ফৰ্মৰ বাহিৰত থকা বিৰাট কোহলীয়ে অৱশেষত ২০২৩ চনৰ জুলাই মাহৰ পিছত টেষ্টত শতক অৰ্জন কৰি অনুৰাগীক আনন্দিত কৰে । কোহলীয়ে দ্বিতীয় ইনিংছত ১০০ ৰানৰ অপৰাজিত ইনিংছ খেলে । কোহলী ফৰ্মলৈ ঘূৰি অহাটো আছিল ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাল খবৰ ।
ভাৰতৰ অপেনিং অংশীদাৰিত্ব-
দীৰ্ঘদিন ধৰি ভাৰতৰ অ’পেনাৰসকলে টেষ্টত বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল যদিও পাৰ্থ টেষ্ট মেচৰ দ্বিতীয় ইনিংছত ২০১ ৰানৰ উজ্জ্বল অংশীদাৰিত্বই ভাৰতীয় টেষ্ট ক্ৰিকেটৰ ইতিহাস সলনি কৰি পেলায় । টেষ্টত অষ্ট্ৰেলিয়াত ভাৰতৰ প্ৰথমটো উইকেটৰ বাবে সৰ্ববৃহৎ অংশীদাৰিত্বৰ এই অভিলেখ । জয়ছোৱাল আৰু ৰাহুলে একেলগে ২০১ ৰান সংযোজন কৰি টেষ্ট মেচখনত ভাৰতক আগুৱাই লৈ যায় । কে এল ৰাহুলে ৭৭ ৰানৰ ইনিংছ খেলে ।
যশপ্ৰীত বুমৰাহৰ অধিনায়কত্ব-
ভাৰতে যেতিয়া টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল তেতিয়া সকলো আচৰিত হৈছিল । কিন্তু বুমৰাহে নিৰ্ভীকতা দেখুৱাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ভাৰতৰ প্ৰথম ইনিংছ ১৫০ ৰানত সীমাবদ্ধ আছিল যদিও ইয়াৰ পাছতো অধিনায়ক বুমৰাহে সাহস হেৰুৱা নাছিল আৰু বলাৰৰ শক্তিত ভাৰতক এই টেষ্ট মেচত পুনৰ প্ৰত্যাৱৰ্তন কৰে । বুমৰাহে অধিনায়ক হিচাপে দেখুৱাই দিলে যে তেওঁ কেনেদৰে ডাঙৰ মেচত জয়ী হ’ব পাৰে । এই জয়ত ভাৰতৰ বাবে বুমৰাহৰ অধিনায়কত্ব গুৰুত্বপূৰ্ণ হৈ পৰিছে ।