ভাৰতীয় দলটোৱে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে । ভাৰতে প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াক ২৯৫ ৰাণত পৰাস্ত কৰিছে । এই জয়ৰ জৰিয়তে ভাৰতে WTC পইণ্ট টেবুলত অগ্ৰগতি লাভ কৰিছে । ভাৰত এতিয়া পুনৰ তালিকাৰ শীৰ্ষত উপনীত হৈছে । ভাৰতে এতিয়া ৬১.১১ পইণ্ট শতাংশ (পি চি টি) লাভ কৰি তালিকাৰ শীৰ্ষত আছে । একে সময়তে অষ্ট্ৰেলিয়াই এতিয়া দ্বিতীয় স্থান লাভ কৰিছে ।
উল্লেখ্য যে নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে পইণ্ট তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল যদিও এতিয়া পাৰ্থত ভাৰতে পুনৰবাৰ জয়েৰে নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছে । ডব্লিউ টি চি পইণ্ট তালিকাত এতিয়া অষ্ট্ৰেলিয়া ৫৭.৬৯ পইণ্ট শতাংশৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে শ্ৰীলংকা (৫৫.৫৬) পইণ্টেৰে তৃতীয় স্থান, নিউজীলেণ্ড (৫৪.৫৫) আৰু দক্ষিণ আফ্ৰিকা (৫৪.১৭) চতুৰ্থ স্থানত আছে ।
ফাইনেলত প্ৰৱেশ কৰিবলৈ সম্পূৰ্ণ সমীকৰণ-
এতিয়া যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫-০ ব্যৱধানত শৃংখলা জয় কৰিবলৈ সফল হয়, তেন্তে ভাৰতীয় দলৰ জয়ৰ শতাংশ হ’ব ৬৯.৩০ পইণ্ট । একে সময়তে যদি ভাৰতে এই শৃংখলাত ৪-১ ব্যৱধানত জয়লাভ কৰিবলৈ সফল হয়, তেন্তে জয়ৰ শতাংশ হ’ব ৬৪.০৪ । ইয়াৰ বাহিৰেও যদি ভাৰতীয় দলে ৩-২ ব্যৱধানত শৃংখলা জয় কৰিবলৈ সফল হয়, তেন্তে ভাৰতৰ জয়ৰ শতাংশ হ’ব ৫৮.৭৭ পইণ্ট । এনে পৰিস্থিতিত ভাৰতে বাকী থকা ৪খন টেষ্ট মেচৰ ভিতৰত কমেও তিনিখন খেলত জয়ী হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব ।
আন দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব-
যদি ভাৰতে ৩-২ ব্যৱধানত জয়লাভ কৰে আৰু তেওঁলোকৰ জয়ৰ শতাংশ পইণ্ট ৫৮.৭৭ত শেষ হয়, তেন্তে ভাৰতৰ পিছত অষ্ট্ৰেলিয়াৰ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা হেৰুৱাব লাগিব । এতিয়া যদি শ্ৰীলংকাত ২-০ ব্যৱধানত জয়ী হয় তেন্তে অষ্ট্ৰেলিয়াৰ পইণ্ট হ’ব ৬০.৫৩ ।
দক্ষিণ আফ্ৰিকাৰ পৰা বিপদ ভাৰতৰ-
ইয়াৰ উপৰিও ইংলেণ্ডৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয়লাভ কৰিলে নিউজীলেণ্ডৰ পইণ্ট ৬৪.২৯লৈ বৃদ্ধি পাব । দক্ষিণ আফ্ৰিকাৰ চাৰিখন টেষ্ট বাকী আছে, ইয়াৰে তিনিখনত জয়ী হৈ এখনত পৰাস্ত হ’লে ৬১.১১ত উপনীত হ’ব, যাৰ ফলত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বাবে অসুবিধাৰ সৃষ্টি হ’ব । অৱশ্যে অষ্ট্ৰেলিয়া আৰু ভাৰত দুয়োকে অতিক্ৰম কৰিবলৈ হ’লে নিউজীলেণ্ডে তিনিওখন টেষ্টত জয়লাভ কৰিব লাগিব । ২-০ ব্যৱধানত জয়লাভ কৰি তেওঁলোকৰ স্ক’ৰ হ’ব ৫৯.৫২, যাৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াক অতিক্ৰম কৰিব নোৱাৰিব ।