দীৰ্ঘদিন ধৰি চলি থকা পাকিস্তানৰ চিয়া-চুন্নী হিংসাত বৰ্তমানলৈকে ১৫০ ৰো অধিক লোক নিহত হৈছে।দেওবাৰেও এই হিংসাৰ ফলত ২১ জন লোক নিহত হৈছিল। যাৰ পিছত এতিয়া যুদ্ধবিৰতি জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
এই ভয়ংকৰ হিংসাৰ পিছত, দুয়োটা সম্প্ৰদায়ৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে চিয়া আৰু চুন্নী সম্প্ৰদায়ৰ লোকসকলে পৰৱৰ্তী ৭ দিনৰ বাবে যুদ্ধবিৰতি ঘোষমা কৰা হৈছে।
পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ কুৰম জনজাতীয় জিলাত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। খাইবাৰ পাখতুনখোৱাত চিয়া-চুন্নী সম্প্ৰদায়ৰ মাজত এই হিংসা ২১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল।
কুৰম জিলাৰ জেৰে পথেৰে যোৱা এখন চিয়া মুছলমানৰ বাহনত আক্ৰমণ কৰা হৈছিল।আক্ৰমণটোত কমেও ৪২ জন লোক নিহত হৈছিল।
ইয়াৰ পিছত, চিয়া সম্প্ৰদায়ে প্ৰতিশোধ লয় আৰু বাঢ়ি যায় দুই সম্প্ৰদায়ৰ মাজৰ হিংসা। এই সংঘৰ্ষত দুয়োটা সম্প্ৰদায়ৰ বহু লোকৰ মৃত্যু হৈছে। দিনে দিনে এই সংঘৰ্ষ বৃদ্ধি হোৱা দেখি, কেপিকে চৰকাৰে এক উচ্চ-পৰ্যায়ৰ বৈঠক গঠন কৰে।
কেপিকে প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ বেৰিষ্টাৰ মহম্মদ আলী চৈফে এএফপিক কৈছিল যে চুক্তিৰ অধীনত, দুয়োটা সম্প্ৰদায়ৰ জ্যেষ্ঠসকলে সিদ্ধান্ত লয় যে নিহত সকলৰ মৃতদেহ ইজনে সিজনক ঘূৰাই দিব লাগে।
বৈঠকত এইটোও সিদ্ধান্ত লোৱা হৈছে যে যিসকল লোকক বন্দী কৰি ৰখা হৈছে তেওঁলোককো মুক্তি কৰি দিব লাগে।