মহাৰাষ্ট্ৰত মহাযুটীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সম্পৰ্কে ছবিখন এতিয়াও স্পষ্ট হোৱা নাই যদিও শপতগ্ৰহণ সন্দৰ্ভত এটা ডাঙৰ তথ্য প্ৰকাশ পাইছে । তথ্য অনুসৰি কাইলৈ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ অনুষ্ঠিত হ’ব পাৰে । মুখ্যমন্ত্ৰীৰ উপৰিও উপ-মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই কাৰ্যসূচী ৰাজভৱনত অনুষ্ঠিত হ’ব । কেবিনেট মন্ত্ৰীসকলৰ শপত গ্ৰহণ সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই । বিজয়ৰ পিছত মহাযুটীয়ে চৰকাৰ গঠন কৰিবলৈ ওলাইছে আনহাতে আকৌ এবাৰ মহাবিৰোধী দলত বহিব লাগিব মহাবিকাশ আঘাড়ীয়ে ।
২০২২ চনত যেতিয়া একনাথ শিণ্ডেই বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল তেতিয়া বিজেপিৰ আসন অধিক আছিল । ইয়াৰ পিছতো একনাথ শিণ্ডেক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হয় এইবাৰ যেতিয়া বিজেপিৰ আসন অভাৱনীয়ভাৱে আগৰ তুলনাত অধিক বৃদ্ধি পাইছে, তেতিয়া মুখ্যমন্ত্ৰী বিজেপিৰ হ’বনে ? বিদায়ী উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কয় যে দলসমূহে বহি মুখ্যমন্ত্ৰী কোন হ’ব সেইটো সিদ্ধান্ত ল’ব । মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত কোনো বিতৰ্ক নাই ।
মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত বিভিন্ন মতামত-
অৱশ্যে শিৱসেনাই হওক বা বিজেপি হওক বা অজিত পাৱাৰৰ এনচিপি হওক, তিনিওটা দলৰ নেতাই এই পদত নিজ নিজ শীৰ্ষ নেতাক চাব বিচাৰে । এই সন্দৰ্ভত তেওঁলোকে সংবাদ মাধ্যমতো এক বিবৃতি দিছে । আনহাতে, বিৰোধী দল মহাবিকাশ আঘাড়ী নেতা উদ্ধৱ থাকৰেও বিজেপিৰ মুখ্যমন্ত্ৰী হ’ব লাগে বুলি কৈছে ।
যদি বিজেপিৰ মুখ্যমন্ত্ৰী হয় তেন্তে দেৱেন্দ্ৰ ফাড়নভিছক পুনৰ কমাণ্ড দিয়া হ’ব নে দলটোৱে নতুন মুখ এখন আগবঢ়াই আনিব ? কাইলৈ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ সম্ভাৱনা আছে ।