ৰিটেইনড লিষ্টৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে । দিল্লীৰ দলে তেওঁক মুকলি কৰি দিছিল । এনে পৰিস্থিতিত পন্ট আই পি এলৰ মেগা নিলামৰ অংশ হয় । আজিৰ মেগা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটি টকাৰ বিপুল পৰিমাণৰ ধন দি তেওঁক চুক্তিবদ্ধ কৰে । এনেদৰে ঋষভ পণ্টে কেইটামান মুহূৰ্তৰ ভিতৰতে আই পি এলৰ সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হোৱাৰ অভিলেখ ভংগ কৰে ।
ঋষভ পন্টৰ বাবে মেগা নিলামত হয় যুদ্ধ-
ঋষভ পন্ট যোৱা ৯ বছৰে দিল্লী কেপিটেলছৰ অংশ আছিল, কিন্তু এতিয়া জি এম আৰ গ্ৰুপে ২ বছৰ এই ফ্ৰেঞ্চাইজি চলাব আৰু তেওঁলোকে পণ্টক ধৰি ৰখাৰ সিদ্ধান্ত লৈছে । এনে পৰিস্থিতিত নিলামত তেওঁৰ ওপৰত নিলাম যুদ্ধ হৈছিল । দিল্লীৰ অধিনায়ক হিচাপে থকা ঋষভ পণ্ট এজন বিধ্বংসী বেটছমেন আৰু শীৰ্ষ উইকেটকীপাৰো । যাৰ বাবে পণ্ট প্ৰথম পছন্দ হৈ পৰিছিল ।
ঋষভ পন্টৰ আই পি এল কেৰিয়াৰ-
২০১৬ চনত দিল্লী কেপিটেলছৰ হৈ আই পি এলত অভিষেক ঘটাইছিল ঋষভ পণ্টে । ইয়াৰ পিছত ২০২১ চনত বিৰাট কোহলী, ষ্টিভ স্মিথ, সুৰেশ ৰাইনা আৰু শ্ৰেয়াছ আয়াৰৰ পিছতে আই পি এলৰ ইতিহাসত পঞ্চমজন কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হয় তেওঁ । আই পি এলত কেপিটেলছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ঋষভ পণ্ট । যোৱা ছিজনতো তেওঁ ১৩খন মেচত ৪৪৬ ৰান সংগ্ৰহ কৰিছিল । আই পি এলত এতিয়ালৈকে ১৮টা অৰ্ধশতক আৰু ১টা শতক অৰ্জন কৰিছে তেওঁ ।