মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে। এই গণনাৰ পিছতেই এই দুখন ৰাজ্যত কোনটো দলে চৰকাৰ গঠন কৰিবসেয়া সিদ্ধান্ত লোৱা হ’ব।
এই ফলাফলবোৰে সিদ্ধান্ত ল’ব কোনে ৰাজ্যখনত ৫ বছৰ শাসন কৰিব কোন চৰকাৰে ।ফলাফলবোৰে প্ৰকৃত শিৱসেনা কোন সেয়াও নিৰ্ণয় কৰিব।
উল্লেখ্য যে ২০ নৱেম্বৰত, মহাৰাষ্ট্ৰৰ ২৮৮ খন বিধানসভা আসনত ৬৫.১১শতাংশ ভোটদান কৰা হৈছিল।মহাৰাষ্ট্ৰত ৪১৩৬ জন প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় কৰা হ’ব।
ইয়াত মহায়ুতি চৰকাৰে পুনৰ ক্ষমতালৈ আহিব বিচাৰে, আনহাতে মহা বিকাশ আঘাদীয়ে ইয়াৰ দুৰ্গ পুনৰ প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়াত আছে।
বৰ্তমান সময়ত ঝাৰখণ্ডত অগ্ৰগতি লাভ কৰিছে জেএমএম+ । ইফালে কেৰালাৰ ৱায়ানাড লোকসভা আসনত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী।২৫৫৩৬টা ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰিয়ংকাই।
প্ৰিয়ংকা গান্ধীয়ে বৰ্তমানলৈকে ৩৫০৯ টা ভোট লাভ কৰিছে। মহাৰাষ্ট্ৰত ইতিমধ্যে ১৩২খন আসনত আগবাঢ়ি আছে বিজেপি।মহাৰাষ্ট্ৰত এন ডি এ আৰু এম ভি এৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছে।