মানুহে প্ৰায়ে ওজন হ্ৰাস কৰিবলৈ বা পেটৰ সমস্যাৰ পৰা সকাহ পাবলৈ গৰম পানী সেৱন কৰে।বিশ্বাস কৰা হয় যে গৰম পানী খোৱাটো স্বাস্থ্যৰ পক্ষে লাভজনক।
কিন্তু আপুনি জানেনে এদিনত আপুনি কিমান গৰম পানী খাব লাগে? কেতিয়াবা অত্যাধিক গৰম পানী খালে লাভান্বিত হোৱাৰ সলনি স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে, সেয়েহে ইয়াক সীমিত পৰিমাণত খাব লাগে।অত্যাধিক গৰম পানী খোৱাৰ অসুবিধা আৰু এদিনত কিমান গিলাচ গৰম পানী খাব লাগে জানো আহক।
গৰম পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ইয়াক সীমিত পৰিমাণত খোৱা উচিত। দিনত তিনি গিলাচতকৈ অধিক গৰম পানী নাখাব।
ইয়াৰ লগতে, ৰাতিপুৱা খালী পেটত আৰু খাদ্য খোৱাৰ এঘণ্টা পিছতহে কুহুমীয়া পানী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। মনত ৰাখিব যে আপুনি কুহুমীয়া পানীহে খাব লাগে বহুত গৰম পানী খাব নালাগে।
গৰম পানী খোৱাৰ পাৰ্শ্বক্ৰিয়া
- অত্যাধিক গৰম পানী খালে খাদ্যনলীত সৰু সৰু ফোঁহা ওলাব পাৰে।
- অত্যাধিক গৰম পানী খোৱাৰ ফলতো পাইলচ হ’ব পাৰে।
- ইয়াৰ বাহিৰেও, গৰম পানী খালে পেটটো ভৰ্তি হৈ থকা যেন অনুভৱ হয়। এনে কৰিলে ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে।
- অত্যাধিক গৰম পানী খালে হজমৰ সমস্যাই দেখা দিব পাৰে।
(এই সমলটোৱে কেৱল সাধাৰণ তথ্য প্ৰদান কৰে। এইটো কোনো প্ৰকাৰে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ ল’ব।)