কেৰালাই অহা বছৰ ২০২২ চনৰ বিশ্বকাপ চেম্পিয়ন দল আৰ্জেণ্টিনা আৰু ইয়াৰ অধিনায়ক লিয়োনেল মেছিক আতিথ্য দিব । বুধবাৰে এখন সংবাদমেলৰ সময়ত ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰৰহিমানে এই তথ্য প্ৰদান কৰে । তেওঁ জনাই যে সমগ্ৰ অনুষ্ঠানটো ৰাজ্য চৰকাৰৰ তত্বাৱধানত আয়োজন কৰা হ’ব । তেওঁ কয়, “আৰ্জেণ্টিনাৰ অধিনায়ক লিয়োনেল মেছিৰ সৈতে বিশ্বৰ এক নম্বৰ ফুটবল দল কেৰালালৈ আহি আছে । তেওঁ দুখন মেচ খেলিব ।“
কেৰালাৰ ক্ৰীড়া মন্ত্ৰীয়ে জনোৱা মতে, আৰ্জেণ্টিনাৰ বিৰুদ্ধে কোন প্ৰতিদ্বন্দ্বী হ’ব আৰু ক’ত খেলা হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । অৱশ্যে তেওঁ ইংগিত দিয়ে যে কোচি ষ্টেডিয়ামত ৫০ হাজাৰতকৈ অধিক দৰ্শকৰ উপস্থিতিত খেলখন অনুষ্ঠিত হ’ব পাৰে । আব্দুৰহিমানে আৰ্জেণ্টিনাৰ মেনেজমেণ্টৰ সৈতে কথা পাতিবলৈ স্পেইনলৈ যোৱা বুলি কয় আৰু কেৰালাত আৰ্জেণ্টিনাৰ অনুৰাগীৰ ভেটি দেখি বিশ্ব চেম্পিয়ন দলটোৱে কেৰালালৈ আহিবলৈ সন্মত হয় । এমাহ বা ডেৰ মাহৰ ভিতৰত আৰ্জেণ্টিনাৰ মেনেজমেণ্টৰ সদস্যসকল কেৰালালৈ আহিব, তাৰ পিছত দুয়োপক্ষই আনুষ্ঠানিক তথ্য প্ৰকাশ কৰিব ।
লিঅনেল মেছিৰ ভাৰতত বৃহৎ অনুৰাগী আছে-
আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ত জন্মগ্ৰহণ কৰা ৩৭ বছৰীয়া কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছিৰ ভাৰতত যথেষ্ট অনুৰাগী আছে । তেওঁৰ অনুৰাগী সমগ্ৰ দেশতে আছে । ভালসংখ্যক অনুৰাগী তেওঁক চাবলৈ কেৰালালৈ আহিব পাৰে ।
মাৰ্টিনেজে সমতা স্থাপন কৰে-
পেৰুৰ বিৰুদ্ধে গল দি আৰ্জেণ্টিনাৰ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰে লাউটাৰো মাৰ্টিনেজে । ২০২৬ চনৰ বিশ্বকাপ কোৱালিফায়াৰত আৰ্জেণ্টিনাৰ হৈ খেলি থকাৰ সময়তে মাৰ্টিনেজে নিজৰ কেৰিয়াৰৰ ৩২ সংখ্যক গল দিয়ে । যাৰ সহায়ত তেওঁ আৰ্জেণ্টিনাৰ হৈ যৌথ পঞ্চম সৰ্বাধিক গলদাতা হিচাপে পৰিগণিত হয় । তেওঁ মাৰাডোনাৰ সমান কৰে (৩২) । এই তালিকাত আগবাঢ়ি আছে লিয়নেল মেছি (১১২) । মাৰ্টিনেজৰ গলটোৱে খেলখনৰ একমাত্ৰ গল বুলি প্ৰমাণিত হয়, যাৰ সহায়ত আৰ্জেণ্টিনা দলে পেৰুক ১-০ গলত পৰাস্ত কৰিবলৈ সক্ষম হয় ।