দীৰ্ঘদিনৰ বিৰতিৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰত্যাৱৰ্তন কৰিয়েই মহম্মদ ছামীয়ে আকৰ্ষণীয় প্ৰদৰ্শনেৰে ৪ টা উইকেট দখল কৰে আৰু বেটিংতো উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা পৰিলক্ষিত হৈছে । শক্তিশালী বলিঙৰে ৪ টা উইকেট লোৱাৰ পিছত, ছামীয়ে ৩৬ ৰাণৰ এটা দৰ্শনীয় ইনিংছ খেলে । তেওঁৰ এই ইনিংছৰ সময়ত, দুটা ছয় আৰু দুটা চাৰি কোবাইছিল । ছামীয়ে দ্বিতীয় ইনিংছত বেংগলৰ হৈ ৩৭ টা বলত ৩৬ ৰাণৰ ইনিংছ খেলে, য’ত দলটোৱে মুঠ ২৭৬ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ প্ৰত্যাৱৰ্তনৰ প্ৰদৰ্শনে আশা জাগ্ৰত কৰিছে যে তেওঁক সোনকালেই টীম ইণ্ডিয়াৰ হৈ খেলা দেখা যাব ।
ইয়াৰ পূৰ্বে শ্বাহবাজ আহমেদে ৮২ টা বলত ৯২ ৰাণ সংগ্ৰহ কৰে আৰু অধিনায়ক অনুষ্টুপ মজুমদাৰে ৪৪ ৰাণ সংগ্ৰহ কৰি বেংগলক আগুৱাই নিয়ে । ছামীয়ে খেলখনত তেওঁৰ বলিংৰ দ্বাৰা চাৰিজন বেটছমেনক আউট কৰি এক ত্ৰাসৰ সৃষ্টি কৰে । তেওঁ ১৯ অভাৰত ৫৪ ৰাণত ৪ টা উইকেট দখল কৰে ।