বিস্ফোৰণ পুনৰ কপিল পাকিস্তান । বৃহস্পতিবাৰৰ দিনা এটা ঘৰত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়। এই বোমা বিস্ফোৰণটোত দুটি শিশুসহ ৭ জন লোকৰ মৃত্যু হৈছে।
বিস্ফোৰণটো সংঘটিত হোৱা অঞ্চলটো এসময়ত পাকিস্তানী সন্ত্ৰাসবাদীৰ দুৰ্গ আছিল।আৰক্ষীয়ে দিয়া তথ্য অনুসৰি খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ মীৰ আলী চহৰত তেতিয়া বিস্ফোৰণটো হৈছিল যেতিয়া কমাণ্ডাৰ ৰাছুল জান নামৰ এজন সন্ত্ৰাসবাদীয়ে তেওঁৰ ঘৰত এখন গাড়ীত বোমা সংস্থাপন কৰি আছিল।
লগে লগে লোক স্থানীয় লোক সকলে দৌৰি গৈছিল যদিও সন্ত্ৰাসবাদীটোৰ মৃতদেহটোহে উদ্ধাৰ কৰে। ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।