ছলমান খান, শ্বাহৰুখ খান, আমিৰ খানৰ দৰে তাৰকাই এতিয়াও বলীউডত শাসন চলাই আছে । আটাইকেইজনৰ বয়স প্ৰায় ৬০ বছৰ হৈছে । এই বয়স শুনি সকলোৱে ভাৱে যে, এই বয়সতো তেওঁলোক কিমান সক্ৰিয় । আনহাতে বাস্তৱতা হ’ল এই তাৰকাসকল দক্ষিণৰ এজন ছুপাৰহিট তাৰকাতকৈ বহু পিছ পৰি আছে । একে বছৰতে বেক টু বেক হিট দিয়াৰ ক্ষেত্ৰত আৰু বয়সৰ ক্ষেত্ৰতো । আমি দক্ষিণ ভাৰতীয় এগৰাকী তাৰকাৰ কথা কৈছোঁ, যাৰ বয়স এতিয়া ৭০ বছৰ অতিক্ৰম কৰিছে । তথাপিও তেওঁ সুদৰ্শন, সক্ৰিয় আৰু শক্তিশালী অভিনয় কৰি আছে । যাৰ বাবে তেওঁ এবছৰত তিনিখন হিট চিনেমা দিছে । এখন ছবিত তেওঁ আনকি নকল দাঁতেৰে মাংস চোবাইছিল ।
বেক টু বেক তিনিখন হিট-
আমি যিজন নায়কৰ কথা কৈছো তেওঁ হৈছে মামুটী । যি মালয়ালম ছবিৰ ছুপাৰষ্টাৰ । দেশৰ লগতে সমগ্ৰ বিশ্বতে তেওঁ বিখ্যাত । চলিত বৰ্ষত মুক্তি পালে মামুটীৰ তিনিখন ছবি । ১৫ কোটি টকাত নিৰ্মিত প্ৰথমখন ছবি আব্ৰাহাম অজলাৰ ৪০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ।
এই বছৰ মুক্তি পোৱা মামুটীৰ দ্বিতীয়খন ছবি আছিল টাৰ্বো । ৪০ কোটি টকাত নিৰ্মিত এই ছবিখনে ৭২.১ কোটি টকা উপাৰ্জন কৰে ।
এইবাৰ মুক্তি পোৱা মামমুটীৰ তৃতীয়খন চিনেমা হৈছে ব্ৰহ্মযুগম । এই ছবিখন ব্লেক এণ্ড হোৱাইটত নিৰ্মাণ কৰা হৈছে আৰু এই ছবিখন ৰহস্য আৰু ৰোমাঞ্চৰে ভৰপূৰ । ২৭ কোটি টকাত নিৰ্মিত এই ছবিখনে ৮৫ কোটি টকা উপাৰ্জন কৰে ।
কৃত্ৰিম দাঁত লগাই কুকুৰা মাংস চোবাইছিল-
ব্ৰহ্মযুগমত মামুটীৰ গেটআপ অলপ সলনি কৰিবলৈ তেওঁ কৃত্ৰিম দাঁতো পিন্ধিব লগা হৈছিল । বয়সৰ কথা বিবেচনা কৰিলে সকলোৰে সন্দেহ আছিল যে মামুটীয়ে ইয়াত অসুবিধা পাব নেকি । কিন্তু মামুটিয়ে কৃত্ৰিম দাঁতেৰে অতি আৰামত কাম কৰিছিল । আমোদজনক কথাটো আছিল যে সেই দাঁত এবাৰ লগালে কিবা খাবলৈ কঠিন হৈ পৰিছিল । কিন্তু মামুটিয়ে কৃত্ৰিম দাঁতেৰে অতি আৰামত দৃশ্যটোত কুকুৰা মাংস চোবাইছিল ।