আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস
আজি দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে।ভাৰতে ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিৰ পৰা স্বাধীনতা লাভ কৰাৰ আজি ৭৯ বছৰ হ’ল ৷
১৯৪৭ চনৰ ১৫ আগষ্টত দেশখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে।স্বাধীনতা সংগ্ৰামৰ ত্যাগ, দেশৰ প্ৰগতি আৰু ঐক্যৰ প্ৰতীক এই দিৱস। সমগ্ৰ দেশতে আজি গৌৰৱেৰে উৰি আছে ত্ৰিৰংগা।
বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰিছিল। সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে আমি জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মনষীক সোঁৱৰিছো যাৰ চৰম ত্যাগ আৰু কষ্টৰ অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছো।
আজি দেশবাসীক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, ‘স্বাধীনতা দিৱসৰ দিনা আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা। এই শুভ অনুষ্ঠানটোৱে সকলো দেশবাসীৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন উজ্জ্বলতা কঢ়িয়াই আনক, যাতে এখন উন্নত ভাৰতৰ নিৰ্মাণে নতুন গতি লাভ কৰে, তাৰ কামনা কৰিলোঁ। জয় হিন্দ!’
স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে লালকিল্লাত উপস্থিত হৈ কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা ১২ সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক: ‘১৪০ কোটি দেশবাসীৰ বাবে সংকল্পৰ উৎসৱ’; দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ