ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন
লাডাখৰ ছিয়াচেন গ্লেছিয়াৰত হোৱা প্ৰচণ্ড হিমস্খলনত ভাৰতীয় সেনাৰ তিনিজন জোৱান শ্বহীদ হয় । ছিয়াচেন বেছ কেম্পৰ সমীপত সংঘটিত হয় এই অঘটন । এইখনেই বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ, য’ত সৈনিকসকলে -৬০ ডিগ্ৰী শীত, প্ৰচণ্ড বতাহ আৰু বৰফৰ দৰে বিপদৰ সন্মুখীন হয় । এতিয়ালৈকে পোৱা তথ্য অনুসৰি জোৱানসকলে টহল দি থকা অৱস্থাতে হিমস্খলনত আবদ্ধ হৈ পৰে ।
তিনিওজন জোৱান মহাৰ ৰেজিমেণ্টৰ আছিল । তিনিওজন জোৱান গুজৰাট, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ । ইফালে এই হিমস্খলনত আবদ্ধ হৈ আছে পাঁচজন জোৱান । এতিয়ালৈকে এজন কেপ্টেইনক উদ্ধাৰ কৰা হৈছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে লেহ আৰু উধমপুৰৰ পৰা সহায় লৈ সেনাৰ উদ্ধাৰকাৰী দল উদ্ধাৰ অভিযানত নিয়োজিত হয় । শীতকালত ছিয়াচেনত হিমস্খলন সাধাৰণতে দেখা যায় । ১৯৮৪ চনৰ অপাৰেচন মেঘদূতৰ পৰা এতিয়ালৈকে বতৰৰ বাবে ১০০০ৰো অধিক জোৱান শ্বহীদ হৈছে ।
সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ছিয়াচেন-
কাৰাকোৰাম পৰ্বতমালাৰ ২০ হাজাৰ ফুট উচ্চতাত অৱস্থিত ছিয়াচেন হিমবাহ । ইয়াৰ পূৰ্বেও ছিয়াচেনত এনে ঘটনা ঘটিছে । এইবাৰ বেছ কেম্পৰ ওচৰত ১২০০০ ফুট উচ্চতাত হিমস্খলনৰ ঘটনা সংঘটিত হয় । ছিয়াচেনক বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয় । ইয়াত উষ্ণতা -৬০ ডিগ্ৰী চেলছিয়াছলৈ নামে ।
প্ৰচণ্ড বতাহ, তুষাৰপাত আৰু হিমস্খলন এই অঞ্চলত সাধাৰণতে দেখা যায় । এই হিমস্খলন উত্তৰ হিমবাহ অঞ্চলত সংঘটিত হৈছে, য’ত উচ্চতা ১৮,০০০ৰ পৰা ২০,০০০ ফুট । এই অঞ্চলত সৈন্যই কেৱল শত্ৰুৰ সৈতে নহয় প্ৰকৃতিৰ ক্ৰোধৰ সৈতেও যুঁজিব লগা হয় । ১৯৮৪ চনত অপাৰেচন মেঘদূত আৰম্ভ হোৱাৰ পিছৰে পৰা ভাৰতে ছিয়াচেনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছে যদিও বতৰৰ বাবে ১০০০ৰো অধিক জোৱান শ্বহীদ হৈছে ।
উদ্ধাৰ অভিযান আৰু সেনাৰ প্ৰচেষ্টা-
ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলনৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় সেনা আৰু বায়ুসেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে । বিশেষ এভালেঞ্চ ৰেচকিউ টিম (আৰ টি) সেই স্থানত উপস্থিত হয়, যিয়ে আৱদ্ধ জোৱানসকলক উদ্ধাৰৰ চেষ্টা চলাইছে । এই দলসমূহে লেহ আৰু উধামপুৰৰ পৰা সমন্বয় কৰিছে । সেনাবাহিনীৰ হেলিকপ্টাৰ, যেনে চিতা আৰু এম আই-১৭ৰ সহায়ত আহতসকলক উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হৈছে । ছিয়াচেনত এনে জৰুৰীকালীন অৱস্থাৰ বাবে সেনা সদায় সাজু হৈ থাকে যদিও বৰফ আৰু ঠাণ্ডাৰ বাবে উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈ পৰে ।
লগতে পঢ়ক : আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা