ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাৰে ২০২৬ৰ টি২০ বিশ্বকাপ
৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব পাৰে ২০২৬ বৰ্ষৰ টি২০ বিশ্বকাপ । এই প্ৰতিযোগিতা ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতৰ কমেও পাঁচটা স্থানত টি ২০ বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব, আনহাতে শ্ৰীলংকাৰ দুটা স্থানত এই প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত হ’ব ।
আহমেদাবাদ বা কলম্বোত অনুষ্ঠিত হ’ব ফাইনেল-
আহমেদাবাদ বা কলম্বোত অনুষ্ঠিত হ’ব টি২০ বিশ্বকাপৰ ফাইনেল । পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰিব নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব এই কথা । ভাৰত আৰু পাকিস্তান দলে ইখনে সিখন দেশত খেলা নাই, যাৰ বাবে তেওঁলোকৰ মেচ নিৰপেক্ষ স্থানত অনুষ্ঠিত হৈ আছে । আই চি চিয়ে এতিয়াও সূচী চূড়ান্ত কৰি আছে যদিও প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখনৰ উইণ্ডো নিৰ্ধাৰণ কৰি অংশগ্ৰহণকাৰী দেশসমূহৰ সৈতে শ্বেয়াৰ কৰা হৈছে ।
২০২৪ চনৰ দৰেই থাকিব ফৰ্মেট-
টি২০ বিশ্বকাপ ২০২৬ৰ ফৰ্মেট ২০২৪ চনৰ দৰেই থাকিব য’ত ২০টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব আৰু প্ৰতিটো গ্ৰুপত পাঁচটা দল থাকিব । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ এইট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু এই আঠটা দলক চাৰিটাকৈ দুটাকৈ গ্ৰুপত ভাগ কৰা হ’ব । ইয়াৰ ভিতৰত প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ভাৰতীয় দলটোৱে ২০২৪ চনত দক্ষিণ আফ্ৰিকাক ফাইনেলত পৰাস্ত কৰি খিতাপ দখল কৰিছিল । এইবাৰ প্ৰতিযোগিতাখনত মুঠ ৫৫খন খেল অনুষ্ঠিত হ’ব ।
বৰ্তমান ১৫ টা দলে অৰ্জন কৰিছে যোগ্যতা-
বৰ্তমান ১৫ টা দলে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে য’ত ভাৰত, শ্ৰীলংকা, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, নিউজীলেণ্ড, পাকিস্তান, আয়াৰলেণ্ড, কানাডা, নেদাৰলেণ্ড আৰু ইটালী অন্তৰ্ভুক্ত আছে । ইটালীৰ দলটোৱে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত খেলিব । বাকী পাঁচটা দল কোৱালিফায়াৰৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব, ইয়াৰে দুটা দল আফ্ৰিকা অঞ্চলৰ কোৱালিফায়াৰৰ পৰা নিৰ্বাচিত হ’ব, আনহাতে এছিয়া আৰু ইষ্ট এছিয়া পেচিফিক কোৱালিফায়াৰৰ পৰা তিনিটা দল নিৰ্বাচিত কৰা হ’ব ।
লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ এছিয়া কাপৰ যুঁজ… সূচীৰ পৰা দললৈকে জানক প্ৰতিটো প্ৰশ্নৰ উত্তৰ