ভয়ংকৰ দুৰ্ঘটনা…
দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তৰে ভৰা এখন বলেৰো গাড়ী নিয়ন্ত্ৰণহীন পুখুৰীত বাগৰি পৰাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনা ইতিয়াথক থানা এলেকাত সংঘটিত হৈছে য’ত একেটা পৰিয়ালৰ ৯ জনকে ধৰি মুঠ ১১ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন ভক্ত আহত হয় । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।
দেওবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । বলেৰোত থকা সকলো ব্যক্তি পৃথ্বিনাথ মন্দিৰলৈ বুলি গৈছিল । বাটত গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পোনে পোনে সৰ্যু খালত বাগৰি পৰে । বলেৰ’খনত মুঠ ১৫ জন লোক আছিল । দুৰ্ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ শুনি গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হয় । ইয়াৰ পিছতে আৰক্ষী দলটো উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহত লোককেইজন গাড়ীৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল, গাড়ীৰ গ্লাছ ভাঙি তেওঁলোকক ওলিয়াই অনা হয় ।
গোণ্ডাৰ আৰক্ষী অধীক্ষক বিনীত জয়ছোৱালে জনোৱা মতে, ইতিয়াথোক থানা এলেকাৰ ৰেহৰা গাঁৱত এখন বলেৰো গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰি যায় । তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । য’ত চালককে ধৰি ৪টা শিশুক নিৰাপদে গাড়ীৰ পৰা উলিয়াই চি এইচ চি ইতিয়াথকলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হয় । তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি গোণ্ডা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক : যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না; এদিন পূৰ্বে হৈছিল দোষী সাব্যস্ত