সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানত নিঃশেষ হ’ল পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়াল । ভাৰতৰ বিমান আক্ৰমণত জয়ছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী আজহাৰৰ পৰিয়ালৰ ১০ সদস্য নিহত হোৱাৰ বিপৰীতে কুখ্যাত সন্ত্ৰাসবাদীটোৰ চাৰিটা সহযোগীও নিহত হৈছে ।
পাকিস্তানৰ বাহাৱালপুৰত ভাৰতৰ বিমান আক্ৰমণত নিঃশেষ হৈছে আজহাৰৰ পৰিয়াল । জইছ-ই-মহম্মদে এক বিবৃতি জাৰি কৰি এই ঘটনা নিশ্চিত কৰিছে । বিমান আক্ৰমণত নিহত আজহাৰৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ লোকক আজি সমাধিস্থ কৰা হ’ব ।
সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে মৌলানা মাছুদ আজহাৰৰ জ্যেষ্ঠ ভগ্নী আৰু মৌলানা কাছাফৰ সমগ্ৰ পৰিয়াল, মুফতি আব্দুল ৰাউফৰ নাতি-নাতিনী নিহত হোৱাৰ বিপৰীতে পৰিয়ালৰ কেইবাজনো সদস্য আহত হয় ।
উল্লেখ্য যে, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ নাম অপাৰেচন সিন্দুৰ ৰাখিছিল । যোৱা এসপ্তাহ ধৰি অবিৰতভাৱে অনুষ্ঠিত হোৱা বৈঠকসমূহত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কৈছিল যে পহলগাম আক্ৰমণত সন্ত্ৰাসবাদীয়ে হিন্দু পুৰুষক লক্ষ্য কৰি লৈছিল, যাৰ বাবে তেওঁলোকৰ পত্নীসকল বিধৱা হৈছিল । এনে পৰিস্থিতিত ভাৰতে এটা শক্তিশালী বাৰ্তা দিব লগা হৈছে যে সন্ত্ৰাসবাদীক এনেদৰে পলাবলৈ দিব নোৱাৰি ।
এই আক্ৰমণত এতিয়ালৈকে ৯০ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । ভাৰতীয় চোৰাংচোৱা সংস্থা RAW এ বিমান আক্ৰমণৰ সকলো লক্ষ্য চিনাক্ত কৰিছিল, তাৰ পিছত লস্কৰ আৰু জৈছৰ ঘাটিত আক্ৰমণ কৰা হৈছিল ।
উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ লগতে ১৭ জন আহত হয় । এই আক্ৰমণ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হয়, য’ত সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে লোকক লক্ষ্য কৰি লৈছিল ।