অক্সফৰ্ড বিশ্ববিদ্যালয়ে একেৰাহে নৱম বছৰৰ বাবে বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । ‘টাইমছ হায়াৰ এডুকেশ্যন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৫’ত পুনৰবাৰ শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে । দ্বিতীয় স্থানত থকা মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) এতিয়া আমেৰিকাৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত বিশ্ববিদ্যালয় । এম আই টিয়ে দ্বিতীয় স্থানৰ পৰা ষষ্ঠ স্থানলৈ নামি অহা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ স্থান লয় ।
অফিচিয়েল ৱেবছাইটৰ মতে, ষ্টেনফৰ্ডৰ স্থান অৱনমিত হোৱাৰ কাৰণ হৈছে পাঠদান, গৱেষণা, পৰিৱেশ আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ বাবে নম্বৰ হ্ৰাস । হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় চতুৰ্থ স্থানৰ পৰা তৃতীয় স্থানলৈ আৰু প্ৰিন্সটন বিশ্ববিদ্যালয় ষষ্ঠৰ পৰা চতুৰ্থ স্থানলৈ গতি কৰিছে । যদিও ৰেংকিঙৰ শীৰ্ষত এতিয়াও আমেৰিকা আৰু ব্ৰিটেইনৰ প্ৰতিষ্ঠানৰ আধিপত্য আছে, তথাপিও দুয়োখন দেশতে তেওঁলোকৰ গড় গৱেষণা আৰু শিক্ষকতাৰ সুনাম দ্ৰুতগতিত হ্ৰাস পাইছে ।
বিশ্বৰ শীৰ্ষ ১০ খন বিশ্ববিদ্যালয়-
-অক্সফৰ্ড বিশ্ববিদ্যালয়
-মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (MIT)
-হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
-প্ৰিন্সটন বিশ্ববিদ্যালয়
-কেম্ব্ৰিজ বিশ্ববিদ্যালয়
-ষ্টেনফৰ্ড বিশ্ববিদ্যালয়
-কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজি
-কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
-ইম্পেৰিয়েল কলেজ লণ্ডন
-ইয়েল বিশ্ববিদ্যালয়
ভাৰতৰ বিশ্ববিদ্যালয়ৰ স্থান-
ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (IISC) বাংগালোৰে নতুনকৈ প্ৰকাশিত টাইমছ হাইয়াৰ এডুকেচন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ ২০২৫ত ভাৰতৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়ৰ খিতাপ অব্যাহত ৰাখিছে । কিন্তু ই বিশ্বৰ শীৰ্ষ ২৫০ ৰ ভিতৰত স্থান লাভ কৰাত ব্যৰ্থ হয় । এইবাৰ ২৫১-৩০০ বেণ্ডলৈ পিছ পৰিছে IISc Bangalore। পিছ পৰাৰ পিছতো প্ৰতিষ্ঠানটোৱে ৫৩.৭ৰ পৰা ৫৫.৭ৰ ভিতৰত সামগ্ৰিক স্ক’ৰ লাভ কৰে ।
ভাৰতৰ শীৰ্ষ ১০খন বিশ্ববিদ্যালয়-
-ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স
-আন্না বিশ্ববিদ্যালয়
-মহাত্মা গান্ধী বিশ্ববিদ্যালয়
-সাবীথা চিকিৎসা আৰু কাৰিকৰী বিজ্ঞান প্ৰতিষ্ঠান
-শ্বুলিনি জৈৱ প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিজ্ঞান বিশ্ববিদ্যালয়
-ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইন্দোৰ
-জামিয়া মিলিয়া ইছলামিয়া
-ইউ পি ই এছ, ডেৰাডুন
-আলিগড় মুছলিম বিশ্ববিদ্যালয়
-এমিটি বিশ্ববিদ্যালয়
উল্লেখ্য যে, পূৰ্বৰ তুলনাত, ভাৰতীয় বিশ্ববিদ্যালয়সমূহে টাইমছ হায়াৰ এডুকেশ্বন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৫-ত প্ৰগতিৰ মিশ্ৰিত ফলাফল দেখুৱাইছে যদিও কিছুমান প্ৰতিষ্ঠানে তেওঁলোকৰ বিশ্বব্যাপী স্থিতি উন্নত কৰিছে, আন কিছুমানৰ ৰেংকিঙত লক্ষণীয় হ্ৰাস দেখা গৈছে ।