আজিৰে পৰা দুদিনীয়া আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আমেৰিকাৰ সময় অনুসৰি বুধবাৰে সন্ধিয়া তেওঁ ৱাশ্বিংটনত উপস্থিত হয় । ইয়াৰ মাজতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাৰ মাজত ভাৰত-আমেৰিকাৰ সম্পৰ্ক সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । দুয়োৰে মাজত হোৱা আলোচনাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু উদীয়মান ভাবুকিৰ ওপৰত চোৰাংচোৱাৰ সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় ।
তুলসী গাবাৰ্ডক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে-
প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দু-আমেৰিকান তুলসী গাবাৰ্ডক আমেৰিকাৰ শীৰ্ষ চোৰাংচোৱা বিষয়া হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনায় । বুধবাৰে ছিনেটে নিশ্চিত কৰাৰ কেইঘণ্টামানৰ পাছত তুলসী গাবাৰ্ডে অ’ভেল অফিচত ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক হিচাপে শপত গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত এটা পোষ্টত লিখিছে, “ৱাশ্বিংটন ডি চিত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালিকা তুলসী গাবাৰ্ডক লগ পাই তেওঁক অভিনন্দন জনালোঁ । আমি ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিলোঁ, যাৰ তেওঁ সদায় শক্তিশালী সমৰ্থক হৈ আহিছে ।”
Met USA’s Director of National Intelligence, @TulsiGabbard in Washington DC. Congratulated her on her confirmation. Discussed various aspects of the India-USA friendship, of which she’s always been a strong votary. pic.twitter.com/w2bhsh8CKF
— Narendra Modi (@narendramodi) February 13, 2025
চাইবাৰ সুৰক্ষা আৰু চোৰাংচোৱা সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা-
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া, চাইবাৰ সুৰক্ষা আৰু উদীয়মান ভাবুকিৰ ক্ষেত্ৰত চোৰাংচোৱাৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰে । ফ্ৰান্সৰ পিছত বুধবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত আমেৰিকাৰ ৱাশ্বিংটনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । বৃহস্পতিবাৰে হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ইয়াৰ পূৰ্বে পেৰিছত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে আৰ্টিফিচিয়েল ইনটেলিজেন্স একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিছিল ।