বিপদ বাঢ়িব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বাংলাদেশ আৰক্ষীয়ে ১২জন লোকৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ ইন্টাৰপ’লক অনুৰোধ জনাইছে । বাংলাদেশ আৰক্ষীৰ ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰোৱে প্ৰকাশ কৰা এই তালিকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । বাংলাদেশ আৰক্ষীয়ে ইন্টাৰপ’লৰ সৈতে যোগাযোগ কৰি হাছিনাৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ অনুৰোধ কৰা বুলি জানিবলৈ দিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে এই আবেদনসমূহ তদন্তৰ সময়ত বা চলি থকা যিকোনো গোচৰৰ প্ৰক্ৰিয়াত উত্থাপিত অভিযোগৰ সম্পৰ্কত দাখিল কৰা হয় । এজন ব্যক্তিক সাময়িকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ ইন্টাৰপলে ৰেড কৰ্ণাৰ নটিচ ব্যৱহাৰ কৰে । যাতে গ্ৰেপ্তাৰৰ পিছত তেওঁক প্ৰত্যাৰ্পণ কৰিব পৰা যায় । উল্লেখ্য যে ইন্টাৰপলে বিদেশত বাস কৰা পলাতকসকলক বিচাৰি উলিওৱাত সহায় কৰে আৰু এবাৰ নিশ্চিত হ’লে এই তথ্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতেও ভাগ-বতৰা কৰে ।
বৰ্তমানৰ চৰকাৰক সমালোচনা কৰিছিল শ্বেখ হাছিনাই-
কিছুদিন পূৰ্বে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰিছিল । সেই সময়ত তেওঁ ইউনুছক “আত্মকেন্দ্ৰিক ঋণী” বুলি অভিহিত কৰিছিল যিয়ে বিদেশৰ সৈতে ষড়যন্ত্ৰ কৰি ক্ষমতাৰ পিয়াহ দূৰ কৰিবলৈ দেশ ধ্বংস কৰিছিল । আঠ মিনিটৰ ভিডিঅ’ ভাষণত বিদ্ৰোহৰ মুখ হৈ পৰা ছাত্ৰ প্ৰতিবাদকাৰী আবু ছাইদৰ মৃত্যুৰ কাৰণ কি সেই সম্পৰ্কেও সন্দেহ প্ৰকাশ কৰে তেওঁ । যোৱা বছৰৰ আগষ্ট মাহত শ্বেখ হাছিনাই নিজৰ জীৱন ৰক্ষাৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ পলায়ন কৰিছিল । কিছুদিন পূৰ্বে বাংলাদেশলৈ উভতি যোৱাৰ প্ৰতিজ্ঞা কৰি তেওঁ কৈছিল যে এই কাৰণেই আল্লাহে তেওঁক জীয়াই ৰাখিছে ।