২১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে ৰেচন কাৰ্ড আবেদনৰ সময়সীমা । পূৰ্বে ১৫ অক্টোবৰৰ আছিল ৰেচন কাৰ্ডৰ বাবে আবেদনৰ অন্তিম সময় । পূজাৰ সময়ত বন্ধৰ বাবেই বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা । কিছু সময় পূৰ্বে এই কথা ঘোষণা কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে শীঘ্ৰেই আবেদন কৰক । আবেদনৰ প্ৰ-পত্ৰ চৰকাৰী প’ৰ্টেলৰ পৰা ডাউনলোড কৰি ল’ব লাগিব । pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আবেদনৰ প্ৰ-পত্ৰ ।
আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ কম হ’ব লাগিব । লগতে আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব । আনহাতে আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব । ৪ লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰৰোল কৰ্মচাৰী, দৈনিক মজুৰিপ্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ।
আবেদন পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব-
-শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰ-পত্ৰ (FORM-C)
-আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা
-ঠিকনাৰ প্ৰ-পত্ৰ, পৰিয়ালৰ সকলোৰ সদস্যৰ পাছপৰ্ট ফটোগ্ৰাফ
-বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ
এই সম্পূৰ্ণ নথি-পত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব ৰেচন কাৰ্ড