ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ; ৩১ জুলাইৰ পূৰ্বেই কৰি লওক এই কাম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ খবৰ আহিছে। ৩১ জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব এই কাম।

ৰেচন কাৰ্ডক লৈ এক ডাঙৰ খবৰ আহিছে। ৩১ জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ।অন্যথা নাপাব ৰেচনৰ সামগ্ৰী।আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ।ৰেচন আনিবলৈ যাওতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন।

কেৱল ইমানেই নহয় হিতাধিকাৰীসকলে ePOS মেচিনত আঙুলিৰ ছাপ, OTP অথবা মুখমণ্ডলভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। ePOS স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ’ব লাগিব।ePOS মেচিনত হিতাধিকাৰীৰ ম’বাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব, আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব।একেটা মোবাইল নম্বৰত একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন কৰা হ’লে নহ’ব।

হিতাধিকাৰী সকলৰ মোবাইল নম্বৰলৈ SMSৰ জৰিয়তে এটা OTP প্ৰেৰণ কৰা হ’ব। নিজৰ মোবাইলত লাভ কৰা OTP ePOS মেচিনত অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰ পিছত মোবাইল নম্বৰটো “Primary Verified Mobile Number” হিচাপে চিহ্নিত কৰা হ’ব। ৩১ জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। দৰং খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি: গুৱাহাটীত সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ

“ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব বহু সুবিধা”;মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

ৰেচন কাৰ্ড নথকা লোকসকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে এক ভাল খবৰ। আজিৰে পৰা বিতৰণ কৰা হ’ব ৰেচন কাৰ্ড। নতুনকৈ ৬লাখ ৫০ হাজাৰ হিতাধিকাৰীক দিয়া হ’ব এই ৰেচন কাৰ্ড।

আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত সৰুসজাইৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান।

ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ ভাষণত কয় যে “ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব বহু সুবিধা।ৰেচন কাৰ্ড থকা পৰিয়ালে উজ্বলা ৰন্ধন গেছ চিলিণ্ডাৰো লাভ কৰিব”।

তেওঁ লগতে কয় যে “২৮ তাৰিখলৈ অৰুণোদয় হিতাধিকাৰীকো প্ৰয়োজন হব ৰেচন কাৰ্ড। কাৰণ এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব অৰুণোদয়ৰ ধন।ইয়াৰ বাবে গাঁও সভাত গৈ কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন”।

প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে চৰকাৰে লৈছে এই প্ৰক্ৰিয়া। ২৭ লাখ ৰ পৰা ৪০ লাখ পৰিয়াললৈ বৃদ্ধি পালে অৰুণোদয়ৰ হিতাধিকাৰী। এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক টকা পোৱাৰ খবৰ ল’ব চৰকাৰে।